এণ্টাৰটেইনমেণ্ট ডেস্ক, ২৪ জুনঃ মহামাৰী কোভিড-১৯ৰ বাবে দেশজুৰি আনলক ৱান চলি থকাৰ সময়তে সন্তানক লৈ লাতুৰস্থিত এখন ফাৰ্মলৈ ফুৰিবলৈ যায় বলীউড অভিনেতা ৰিতেশ দেশমুখ আৰু জেনেলিয়াই । মংগলবাৰে ইনষ্টাগ্ৰামযোগে সন্তানৰ সৈতে খেলি থকা এটা ভিডিঅ' শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ৷
সন্তানৰ সৈতে সময় কটোৱাত ব্যস্ত অভিনেতা ৰিতেশ দেশমুখ আৰু জেনেলিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি অভিনেত্ৰী জেনেলিয়াই, "ओ मेरा बाबा, सुनो मेरा केहना, चाहे दुःख होए .. हस्ते ही रेहना" বুলি কেপচনত লিখে। অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, "শিশুসকল বহুত আশ্চৰ্যজনক, তেওঁলোকে সকলো ক্ষেত্ৰতে নিজকে মিলাব পাৰে। কিন্তু পিতৃ-মাতৃ হোৱা হেতুকে এই সংসাৰত আমি তেওঁলোকক কেনেকৈ ডাঙৰ-দীঘল কৰিম ইয়াকে লৈ চিন্তা হয় । মই চহৰত পঢ়ি শুনি ডাঙৰ-দীঘল হৈছো যদিও ৰিতেশৰ গাঁৱ আৰু চহৰ দুয়ো ঠাইতে থকাৰ অভিজ্ঞতা আছে । মোৰ সন্তান দুটিক সম্ভৱ অনুসৰি প্ৰকৃতিৰ লগতে জীৱ-জন্তুৰ সংস্পৰ্শত ৰাখিব বিচাৰো।"
"লকডাউন আৰম্ভ হোৱাৰ তিনি মাহ পাৰ হ'ল, তেতিয়াৰ পৰাই আমি মুম্বাইৰ পৰা দূৰত নিজৰ গাঁৱত আছো । এতিয়া লকডাউন অলপ শিথিল হোৱাৰ বাবে আমি ফাৰ্মত ফুৰিব যোৱাৰ সুবিধা পাইছো.... আমাৰ সন্তান দুটিয়ে নতুন কথা শিকিবৰ বাবে এটা নতুন শ্ৰেণীকোঠা পাইছে, দুয়োটাই এতিয়া গছৰ তলত বহি পঢ়া-শুনা কৰে । সন্তান দুটিক এনে ৰূপত দেখি মই বহুত শান্তি অনুভৱ কৰো । মই পৰিবেশ সন্দৰ্ভত পূৰ্বতকৈ অধিক সজাগ হৈছো, জীৱ-জন্তুৰ প্ৰতিও পূৰ্বতকৈ অধিক দয়ালু হৈ পৰিছো।" ইনষ্টাগ্ৰামযোগে সন্তান দুটিক লৈ নিজৰ অনুভৱ ব্যক্ত কৰি এই কথা উল্লেখ কৰে অভিনেত্ৰী জেনেলিয়াই।
ইনষ্টাগ্ৰামত আপডেট কৰা এই ভিডিঅ'টো ইতিমধ্যে ৪ লাখৰো অধিক লোকে প্ৰত্যক্ষ কৰিছে । লগতে, অনুৰাগীসকলে বেলেগ বেলেগ প্ৰতিক্ৰিয়া দি থকা দেখা গৈছে । উল্লেখ্য যে, সামাজিক মাধ্যমত বহুত সক্ৰিয় হৈ থাকে অভিনেতা ৰিতেশ আৰু জেনেলিয়া । দুয়োগৰাকীয়ে সামাজিক মাধ্যমত প্ৰায়ে বেলেগ-বেলেগ ভিডিঅ' আপল'ড কৰি অনুৰাগীসকলক এণ্টাৰটেইন কৰি থকা দেখা যায় ।