জালুকবাৰী,শুৱালকুছিত ভেটি উছন হিমন্তৰ - ETV BHARAT
প্ৰতিক্ৰিয়া প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷
গুৱাহাটী,21 এপ্ৰিলঃ শুৱালকুছিত কংগ্ৰেছ দলৰ তেজপুৰৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ গালৈ শিলগুটি দলিওৱা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ৷ উল্লেখ্য যে শুৱালকুছিৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত শনিবাৰে কংগ্ৰেছৰ তেজপুৰৰ প্ৰাৰ্থী ভানুৰ গালৈ ভাষণ চলি থকাৰ মাজতে কেইজনমান যুৱকে শিলগুটি নিক্ষেপ কৰে৷ এই কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। তেওঁ কয় যে মন্ত্ৰী হিমন্ত হতাশাগ্ৰস্ত হৈ ভেৰোনীয়া গুণ্ডাৰ দ্বাৰা এই কাৰ্য সংঘটিত কৰিছে। জালুকবাৰী, শুৱালকুছি আদি অঞ্চলত ভেটি উছন হৈছে হিমন্তৰ। শেহতীয়াকৈ ভানুৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে। যাৰ ফলতএতিয়া ভয় ভাবুকিৰে ভানুক দমন কৰাৰ চেষ্টা চলাইছে হিমন্তৰ গুণ্ডাবাহিনীয়ে। এই কাৰ্যৰ দ্বাৰা গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও মন্তব্য কৰে ৰিপুণ বৰাই। তাৰোপৰি এই ঘটনাৰ দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই ৰিপুণ বৰাই।