অসম

assam

ETV Bharat / briefs

সন্ত্ৰাসজৰ্জৰ কাশ্মীৰৰ প্ৰথমগৰাকী মহিলা প্ৰশাসনিক বিষয়া ৰেহেনা বাছীৰ

কাশ্মীৰৰ পৰা সৰ্বভাৰতীয় পৰীক্ষাত উজলি উঠিল ৰেহানা বাছীৰ । প্ৰথম পদক্ষেপ হিচাপে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবঃ ৰেহানা বাছীৰ

ৰেহানা বাছীৰ হ'ল কাশ্মীৰৰ প্ৰথমগৰাকী মহিলা প্ৰশাসনিক বিষয়া

By

Published : Apr 24, 2019, 10:28 AM IST

নিউজ ডেক্স,২৪ এপ্ৰিলঃ সৰ্বভাৰতীয় পৰীক্ষাত উজলিল কাশ্মীৰৰ ৰেহানা বাছীৰ। কাশ্মীৰৰ প্ৰথমগৰাকী প্ৰশাসনিক বিষয়া হিচাপে পৰিগণিত হ'ল ৰেহানা বাছীৰ । জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধাৰ নামৰ এটা সৰু অঞ্চলৰ পৰা আহি সৰ্বভাৰতীয় পৰীক্ষাত উজলি উঠিল এইগৰাকী মহিলা । প্ৰচুৰ অধ্যৱসায়েৰে UPSC পৰীক্ষাত ১৮৭ সংখ্যক স্থান লাভ কৰি জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী মহিলা প্ৰশাসনিক বিষয়া হিচাপে চিহ্নিত হৈছে ৰেহানা ।

ৰেহানা বাছীৰ হ'ল কাশ্মীৰৰ প্ৰথমগৰাকী মহিলা প্ৰশাসনিক বিষয়া

মহিলাগৰাকীয়ে এই সফলতা অৰ্জনৰ পাছত সাংবাদিকৰ আগত কয় যে, "আমাৰ হাতত খুবেই কম সুবিধা আছে যদিও সেইয়া একেবাৰে নাই বুলিও ক'ব নোৱাৰি। কিন্তু ইয়াৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়াৰ যথেষ্ট প্ৰয়োজনীয়তা আছে । যদি মোৰ কামৰ প'ষ্টিং ইয়াতেই হয় তেতিয়া মই নিশ্চয় এই সন্দৰ্ভত কাম কৰিম। লগতে মই যথেষ্ট সুখী যে মানুহৰ সেৱা কৰিব পৰাকৈ এনে সুবিধা পাইছো। বৰ্তমান UPSCৰ দৰে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই অঞ্চলৰ বহু যুৱতীয়ে নিজকে সাজু কৰি থকাৰ খবৰে মোক যথেষ্ট আনন্দিত কৰি তোলে ।"

ABOUT THE AUTHOR

...view details