অসম

assam

ETV Bharat / briefs

বিত্তীয় স্থিৰতা বৰ্তাই ৰখাৰ হেতু প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব : এফএছডিচি উপ সমিতি - আন্তঃনিয়ন্ত্ৰণ প্ৰযুক্তিগত দল স্থাপন

বিত্তীয় স্থিৰতা আৰু বিকাশ পৰিষদ (FSDC )ৰ উপ সমিতিৰ ভিডিঅ' কনফাৰেন্সযোগে হোৱা আলোচনাত চেবী (Sebi) আৰু আইআৰডিএআই (IRDAI)ৰ বিত্তীয় ক্ষেত্ৰৰ নিয়ন্ত্ৰকৰ সৈতে বিত্ত মন্ত্ৰণালয়ে ভাগ লয় । উপ সমিতিয়ে বৈশ্বিক, ঘৰুৱা অৰ্থব্যৱস্থা আৰু বিত্তীয় বজাৰৰ বিকাশৰ এক সমীক্ষা চলায়, যিয়ে বিত্তীয় স্থিৰতাৰ ওপৰত প্ৰভাৱ পেলায় ।

বিত্তীয় স্থিৰতা বৰ্তাই ৰখাৰ হেতু প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব : এফএছডিচি উপ সমিতি
বিত্তীয় স্থিৰতা বৰ্তাই ৰখাৰ হেতু প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব : এফএছডিচি উপ সমিতি

By

Published : Jun 18, 2020, 8:08 PM IST

মুম্বাই, ১৮ জুন :ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ অধ্যক্ষতাৰ বিত্তীয় স্থিৰতা আৰু বিকাশ পৰিষদৰ উপ সমিতিয়ে বৃহস্পতিবাৰে কৰণা মহামাৰীৰ প্ৰকোপৰ পিছত বিস্তীয় স্থিৰতা বৰ্তাই ৰাখিবলৈ পৰ্যালোচনাৰ সংকল্প হাতত লৈছে ।

বিত্তীয় স্থিৰতা বৰ্তাই ৰখাৰ হেতু প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব : এফএছডিচি উপ সমিতি

বিত্তীয় স্থিৰতা আৰু বিকাশ পৰিষদ (FSDC )ৰ উপ সমিতিৰ ভিডিঅ' কনফাৰেন্সযোগে হোৱা আলোচনাত চেবী (Sebi) আৰু আইআৰডিএআই (IRDAI)ৰ বিত্তীয় ক্ষেত্ৰৰ নিয়ন্ত্ৰকৰ সৈতে বিত্ত মন্ত্ৰণালয়ে ভাগ লয় । উপ সমিতিয়ে বৈশ্বিক, ঘৰুৱা অৰ্থব্যৱস্থা আৰু বিত্তীয় বজাৰৰ বিকাশৰ এক সমীক্ষা চলায়, যিয়ে বিত্তীয় স্থিৰতাৰ ওপৰত প্ৰভাৱ পেলায় ।

ইয়াৰোপৰি উপ সমিতিয়ে Fintech (IRTG-Fintech) আৰু The National Strategy on Financial Education (NSFE) 2020-2025ৰ এক আন্তঃনিয়ন্ত্ৰণ প্ৰযুক্তিগত দল স্থাপন কৰাৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰে । গৱৰ্ণৰ শক্তিকান্ত দাসে বৈঠকৰ মহত্বৰ বিষয়ে আঁওৰাই দি কয় যে, কৰ'ণা মহামাৰীৰ পিছত প্ৰথমবাৰ আৰু ২৮ মে, ২০২০ত বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা এফএছডিচিৰ বৈঠকৰ অনুসৰণ কৰা হৈছে । লগতে তেওঁ কয় যে, হস্তক্ষেপ কৰিবৰ বাবে নিয়ন্ত্ৰক আৰু মন্ত্ৰণালয়ৰ মাজত আলোচনা পৰ্ব চলি থাকে ।

লগতে পঢ়ক: স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে মুকলি কৰিলে দেশৰ প্ৰথমটো কোভিড -১৯ ভ্ৰাম্যমাণ গৱেষণাগাৰ

ABOUT THE AUTHOR

...view details