অসম

assam

ETV Bharat / briefs

ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ জনসাধাৰণৰ

ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে,অতি শীঘ্ৰে পথটো মেৰামতিৰ বাবে দাবী জনাই স্থানীয় ৰাইজে

ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ জনসাধৰণৰ

By

Published : May 31, 2019, 5:55 PM IST

ৰঙিয়া,৩১মে': ৰঙিয়াত পথৰ দুৰৱস্থা। এজাক বৰষুণতেই ৰঙিয়া-তটাৰকুছি-কাউৰবাহা সংযোগী পথত সৃষ্টি হয় একাঁঠু পানী। যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধৰণে। পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবেও বহু ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাগ্ৰস্তও হ'বলগীয়া হয়। ইফালে,এই পথটোৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি বিভাগীয় ক‌ৰ্তৃপক্ষক আবেদন জনাই আহিছে যদিও বিভাগীয় ক‌ৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈছে অঞ্চলবাসী। অঞ্চলবাসীয়ে অতি শীঘ্ৰে এই পথটো মেৰামতিৰ বাবে দাবী উত্থাপন কৰে।

ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ জনসাধৰণৰ

ABOUT THE AUTHOR

...view details