অসম

assam

ETV Bharat / briefs

সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা ৰঙাপৰাৰ দল-সংগঠনৰ - কুনাল বসুমতাৰীয়ে

সাংবাদিক নিগ্ৰহৰ ঘটনাক ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদে তীব্ৰভাৱে সমালোচনা কৰি সাংবাদিকসকলৰ নিৰাপত্তাৰ লগতে দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনায় ৷

ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ গৰিহণা

By

Published : Apr 28, 2019, 3:22 PM IST

মুকালমুৱা, 28 এপ্ৰিল : নলবাৰীৰ মুকালমুৱাত সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ ৰঙাপৰা প্ৰেছ ক্লাবৰ সভাপতি সুনিল মৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায় ৷ সুনিল মৰে শীঘ্ৰে দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈও দাবী জনায় ৷

ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ গৰিহণা

আনহাতে, মুকালমুৱাৰ স্থানীয় সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেন ডেকাক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাক গৰিহণা দিয়ে তেজপুৰ মহকুমা ছাত্ৰ সন্থাৰ নেতা কুনাল বসুমতাৰীয়ে । ৰাজ্যখনত প্ৰতিদিনে সাংবাদিক নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে সাংবাদিকসকলৰ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰে দল-সংগঠনসমূহে ৷ ইফালে সাংবাদিকসকলৰ বাবে নিৰাপত্তাৰ বাবে সুকীয়া আইন প্ৰৱৰ্তন কৰিবলৈও ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায় যুৱ-ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতিৰ সভাপতি উপেন্দ্ৰ কুমাৰ নাথে।

ABOUT THE AUTHOR

...view details