মস্কো, ৫ চেপ্তেম্বৰঃ ভাৰত চীন সীমা বিবাদ তথা পূৰ্ব লাডাখত চলি থকা উত্তেজনা প্ৰশমণৰ বাবে মস্কোত শুকুৰবাৰে দুঘন্টীয়া এক আলোচনাত মিলিত হয় ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী । চৰকাৰী সূত্ৰই জনাইছে এই কথা ।
মে' মাহৰ প্ৰথম সপ্তাহত পূৰ্ব লাডাখত সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত হোৱা দুয়ো পক্ষৰ আলোচনাৰ পিচত এইয়া আছিল প্ৰথম খন উচ্চ পৰ্যায়ৰ মুখামুখি বৈঠক । স্থগিতাদেশ সমাধানৰ বাবে বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ইয়াৰ পূৰ্বে চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতে পৃথকে পৃথকে টেলিফোনিক বৈঠকত মিলিত হৈছিল ।
ৰাজনাথ সিঙৰ কাৰ্যালয়ে কৰা এটা টুুইটত কোৱা হৈছে যে, মস্কোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী, জেনেৰেল ৱেই ফেঙৰ সৈতে বৈঠকত বহে । এই বৈঠক দুঘন্টা ২০ মিনিট ধৰি চলে । ৰাজনাথ সিঙৰ কাৰ্যালয়ৰ পৰা কৰা টুইটত এই কথা প্ৰকাশ কৰিছে ।
জানিব পৰা মতে পেংগং হ্ৰদৰ দক্ষিণ দিশত স্থিতাৱস্থা পৰিৱৰ্তন কৰাৰ বাবে চীনা সেনাবাহিনীৰ নতুন প্ৰচেষ্টা সম্পৰ্কত ভাৰতীয় প্ৰতিনিধি সকলে তীব্ৰ আপত্তি দৰ্শাইছিল লগতে আলোচনাৰ জৰিয়তে সমস্যাটো সমাধানৰ বাবে হেচা প্ৰয়োগ কৰে ।
এক সূত্ৰই জনোৱা অনুসৰি দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনাৰ কেন্দ্ৰবিন্দু আছিল দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধান । মস্কোৰ এখন বিশেষ হোটেলত শুকুৰবাৰে সন্ধিয়া ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই আলোচনাত প্ৰতিৰক্ষা সচিবসহ অজয় কুমাৰ আৰু ৰাছিয়াৰ ভাৰতীয় ৰাষ্ট্ৰদূত ডিবি ভেংকটেশ বাৰ্মা আদি ভাৰতীয় প্ৰতিনিধিৰ দলটোত আছিল ।
বৈঠকখনৰ বাবে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে অনুৰোধ কৰিছিল বুলি জানিবলৈ দিয়ে চৰকাৰী সূত্ৰই । ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী দুয়োজনেই মস্কোত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত যোগদান কৰাৰ বাবে আৰম্ভণিৰ পৰা বাহৰ পাতি আছিল। চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত ৰাজনাথ সিঙে ভাষণত কয় যে এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাটো সময়ে দাবী জনাইছে । আস্থা,আগ্ৰাসন,পাৰ্থক্যসমূহৰ শান্তি পূৰ্ণ সমাধান কৰাটো আন্তৰ্জিতিক নীতিৰ আন্তৰ্গত । উল্লেখ্য যে, চাংহাই সহযোগিতা সংস্থা হৈছে আঠ খন দেশৰ এটা গোট ।
চীনা প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখৰ সীমান্ত বিবাদক এটা আবদ্ধ বাৰ্তা বুলি প্ৰকাশ কৰে । পূৰ্ব লাডাখৰ একাধিক স্থানত ভাৰতীয় আৰু চীনা সৈন্যই উদ্বেগজনক ভাৱে কাম কৰি আহিব লগা হৈছে্ বুলিও কয় । পাঁচ দিন পূৰ্বে যেতিয়া চীনে পাংগম হ্ৰদৰ দক্ষিণ দিশে ভাৰতৰ ভূ খণ্ডত দখল কৰাৰ চেষ্টা চলাইছিল তাৰ পিচৰ পৰা অঞ্চলটোত পুনৰ উত্তেজনা বৃদ্ধি পাবলৈ ধৰিছে । যিটো শীঘ্ৰেই সমাধান কৰাটো প্ৰয়োজন ।
পেংগং হ্ৰদৰ দক্ষিণ দিশে কেবাটাও উচ্চ অঞ্চল ভাৰতে দখল কৰিছে, যিকেইটা কৌশলগত কাৰণত অতি প্ৰয়োজনীয় । যাতে চীনা সৈন্যৰ আগ্ৰাসন ৰোধ কৰিব পাৰি তাৰবাবে ভাৰতীয় সৈন্যই ফিংগাৰ-২ আৰু ফিংগাৰ-৩ অঞ্চলটোত সেনাৰ সঞ্চালন পূৰ্বতকৈ বৃদ্ধি কৰিছে । চীনে ভাৰতৰ এই পদক্ষেপক লৈ তীব্ৰ আপত্তি জনাইছে । অৱশ্যে কৌশলগত দিশৰ পৰা নিয়ন্ত্ৰণ ৰেখাৰ নিয়ম মানি চলিছে ভাৰতে ।