হায়দৰাবাদ,14 অক্টোবৰ: মঙলবাৰৰ পৰা একেৰাহে হৈ থকা প্ৰবল বৰষুণৰ বাবে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ কৃত্ৰিম বানৰ কবলত পৰিছে ৷ ৰাজ্য দুখনত প্ৰায় স্তব্ধ হৈ পৰিছে সাধাৰণ জীৱনযাত্ৰা ৷ মঙলবাৰে হঠাতে হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত চহৰখনৰ অধিকাংশ অঞ্চল জলমগ্ন হৈ পৰে ৷ প্ৰায় ৬ ঘণ্টা ধৰি হোৱা বৃষ্টিপাতৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে কোনো কোনো এলেকাত পথৰ মাজতে গছ-গছনি ভাঙি পৰে ৷
প্ৰবল বৃষ্টিপাতৰ কবলত তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ - Rains lash Telangana and Andhra Pradesh
মঙলবাৰে হঠাতে হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত চহৰখনৰ অধিকাংশ অঞ্চল জলমগ্ন হৈ পৰে ৷ প্ৰায় ৬ ঘণ্টা ধৰি হোৱা বৃষ্টিপাতৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে কোনো কোনো এলেকাত পথৰ মাজতে গছ-গছনি ভাঙি পৰে ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুত সংযোগ ব্যাহত কৰা হয় ৷
হায়দৰাবাদত বান
পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুত সংযোগ ব্যাহত কৰা হয় ৷ পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা কৰি প্ৰশাসনে জাৰি কৰিছে হাই এলাৰ্ট ৷ তদুপৰি পৰৱৰ্তী সময়ত অধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৰাজ্য দুখনত ৷ বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ ৰাইজক আহ্বান জনাইছে প্ৰশাসনে ৷
লগতে পঢ়ক: বেংকৰ ঋণ পৰিশোধ নকৰাৰ বাবেই গৃহহাৰা হ’ল এটা পৰিয়াল