অসম

assam

By

Published : Jun 3, 2020, 2:03 PM IST

ETV Bharat / briefs

I can't breathe: জৰ্জ ফ্লোয়েডৰ মৃত্যুক লৈ আমেৰিকাত অব্যাহত প্ৰতিবাদৰ জুই

বিগত সপ্তাহত আমেৰিকাৰ মিনিয়াপোলিছত এজন স্বেতাংগ আৰক্ষী বিষয়াৰ হাতত কৃষ্ণাংগ যুৱক জৰ্জ ফ্লোয়েডৰ প্ৰাণ ত্যাগ কৰা ঘটনাৰ পিছতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বতেই এই মৃত্যুৱে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । জৰ্জ ফ্লোয়েডে শেষৰ উশাহটি লোৱা পৰ্যন্ত আৰক্ষী বিষয়াজনে যুৱকজনৰ ডিঙিটো হাতেৰে চেপি ধৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত জৰ্জে 'I can't breathe' বুলি চিঞৰি আছিল । সমগ্ৰ বিশ্বতে এই ঘটনাই 'Black Lives Matter' শীৰ্ষক প্ৰতিবাদী জোৱাৰৰ সৃষ্টি কৰে আৰু এই প্ৰতিবাদৰ মূলমন্ত্ৰ হৈ পৰে 'I can't breathe' ।

জৰ্জ ফ্লোয়েডৰ মৃত্যুক লৈ আমেৰিকাত অব্যাহত প্ৰতিবাদৰ জুই
জৰ্জ ফ্লোয়েডৰ মৃত্যুক লৈ আমেৰিকাত অব্যাহত প্ৰতিবাদৰ জুই

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩ জুন: জৰ্জ ফ্লোয়েডৰ মৃত্যুৰ কেই ঘণ্টামানৰ পিছতেই অপৰাধী আৰক্ষী বিষয়া ডেৰেক চাওবিন আৰু তেওঁৰ আন ৩ জন সহযোগী বিষয়াক কৰ্মৰ পৰা অব্যাহতি দিয়া হয় । এই ঘটনাই এক অপৰাধৰ লগতে মিনিয়াপোলিছবাসীৰ সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰশ্ন আঙুলিয়াই দিছে । ইয়াৰোপৰি এটা মৌলিক বিষয়ে গা কৰি উঠিছে যে, শ্বেতাংগ আৰক্ষী বিষয়াকেইজনে কৃষ্ণাংগ লোকৰ ওপৰত কিয় অত্যাচাৰ কৰিলে !

এই ঘটনা সন্দৰ্ভত বিশ্বজুৰি ‘Black Lives Matter’ শীৰ্ষক প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে । প্ৰতিবাদৰ মূলমন্ত্ৰ হিচাপে সকলোৱে I can't breathe শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । 'I can't breathe' হৈছে আফ্ৰিকান-আমেৰিকান প্ৰতিবাদী শ্লোগান, য'ত দুজন কৃষ্ণাংগ লোকে শ্বেতংগৰ হাতত প্ৰাণ ত্যাগ কৰিবগীয়া হৈছিল । ২০১৪ চনত এৰিক গাৰ্ণাৰ আৰু ২০২০ চনত জৰ্জ ফ্লোয়েডে শ্বেতাংগ আৰক্ষী বিষয়াৰ হাতত প্ৰাণ আহুতি দিবলগীয়া হয় । এই দুই ঘটনাই যেন আমেৰিকাৰ আৰক্ষী-প্ৰশাসনৰ বৰ্বৰতাহে দেখুৱাই দিছে ।

ফ্লোয়েডৰ মৃত্যুৰ পিছতেই বেনেশা ব্ৰায়ণ্টে নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ মৃত স্বামীৰ এখন ফটো শ্বেয়াৰ কৰি 'I can't breathe' শীৰ্ষক কেপচনেৰে প্ৰতিবাদত ভাগ লয় । উল্লেখ্য যে, শ্বেতাংগ আৰক্ষী বিষয়াকেইজনে জৰ্জ ফ্লোয়েডৰ ডিঙিত ৮ মিনিট ৪৬ ছেকেণ্ড সময়লৈকে চেপি ধৰাত অৱশেষত ফ্লোয়েডে বহুবাৰ I can't breathe বুলি চিঞৰি দিয়ে । ফ্লোয়েডৰ চিঞৰ শুনিও আৰক্ষী বিষয়াকেইজনে ফ্লোয়েডক উশাহ ল'বলৈ দিয়া নাছিল আৰু ফ্লোয়েডৰ উশাহ স্তব্ধ হোৱাৰ ২ মিনিট ৫৩ ছেকেণ্ডলৈ আৰক্ষী বিষয়া ডেৰেক চাওবিনে ফ্লোয়েডক ডিঙিত চেপি ধৰিছিল । ফ্লোয়েডৰ এই হত্যাকাণ্ডৰ পিছতেই 'I can't breathe'য়ে এক প্ৰতিবাদী ৰেলীৰ জন্ম দিয়ে ।

লগতে পঢ়ক:

ABOUT THE AUTHOR

...view details