অসম

assam

ETV Bharat / briefs

যোৰহাটত সাংস্কৃতিক শোভাযাত্ৰাৰে কেবৰ বিৰোধিতা - নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬

ব্যতিক্ৰমী ৰূপত কেবৰ বিৰোধিতা। যোৰহাটত আজি সাংস্কৃতিক শোভাযাত্ৰাৰ সুন্দৰ নিদৰ্শনেৰে কেবৰ বিৰোধিতা অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

যোৰহাটত সাংস্কৃতিক শোভাযাত্ৰাৰে কেবৰ বিৰোধিতা

By

Published : May 8, 2019, 5:27 PM IST

যোৰহাট, ৮ মে': ব্যতিক্ৰমী ৰূপত কেবৰ বিৰোধিতা। যোৰহাটত আজি সাংস্কৃতিক শোভাযাত্ৰাৰ সুন্দৰ নিদৰ্শনেৰে কেবৰ বিৰোধিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

যোৰহাটত সাংস্কৃতিক শোভাযাত্ৰাৰে কেবৰ বিৰোধিতা

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ এই জাতি ধ্বংসী বিধেয়কখন গৃহীত হ'লে অসমীয়া জাতিৰ সংস্কৃতিৰ অপমৃত্যু হ'ব তাৰ প্ৰতিফলনৰে এক সুন্দৰ মনোমোহা সাংস্কৃতিক শোভাযাত্ৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। যোৰহাটৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত আয়োজিত মুকলি বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি উলিওৱা হয় এই শোভাযাত্ৰা।

যোৰহাটত সাংস্কৃতিক শোভাযাত্ৰাৰে কেবৰ বিৰোধিতা

উল্লেখযোগ্য যে অসমীয়া জাতিৰ প্ৰায়বোৰ জাতি জনগোষ্ঠীৰ প্ৰতিফলন ঘটা এই শোভাযাত্ৰাত অসমৰ মোহনীয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ লগতে অংশগ্ৰহণ কৰে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দই।

ABOUT THE AUTHOR

...view details