গুৱাহাটী, ২৭ জুন : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শনিবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনশনত বহে ১২০০ জনৰো অধিক কয়দী ৷ কৃষক নেতাগৰাকীক শীঘ্ৰেই মুক্তি দিবলৈ দাবী তুলি এই অনশন কাৰ্যসূচী হাতত লয় কাৰাবন্দীসকলে ৷
অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনশন - কৃষক নেতা অখিল গগৈ
অখিল গগৈক মুক্তিৰ দাবীত শনিবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনশন কাৰ্যসূচী । ১২০০ জনৰো অধিক কাৰাবন্দীয়ে হাতত লয় এই কাৰ্যসূচী ।
![অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনশন অখিলক মুক্তিৰ দাবীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনশন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-06:02:57:1593261177-a-ghy-801-28june-akhilgogoi-pic-as10003lipikadeka-27062020174215-2706f-1593259935-77.jpg)
অখিলক মুক্তিৰ দাবীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনশন
উল্লখ্য যে, বৃহস্পতিবাৰে পুৱাৰে পৰা কাৰাগাৰৰ ভিতৰত অনশনত বহিছিল কৃষক নেতা অখিল গগৈ ৷ কাৰাগাৰৰ ভিতৰত কোভিড-১৯ সংক্ৰমণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু কাৰাগাৰৰ আভ্যন্তৰীণ সমস্যা সমাধানৰ দাবীত অনশন অব্যাহত ৰাখিছে কৃষক নেতাগৰাকীয়ে ৷ ৰোগীয়া দেহাৰে অখিল গগৈয়ে অনশন অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : সুস্থ হৈ উঠিল জালুকবাৰী আয়ুৰ্বেদিক চিকিৎসালয়ৰ 8 জন Covid ৰোগী