অসম

assam

ETV Bharat / briefs

নিৰ্বাচনৰ ফলাফল সম্বন্ধে নলবাৰীত উপায়ুক্তৰ সংবাদমেল

কালি অনুষ্ঠিত হ'বলগীয়া ভোটগণনা প্ৰক্ৰিয়া তাৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে নলবাৰী জিলা প্ৰশাসন ৷ নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিত হ'বলগীয়া ভোটগণনাৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

By

Published : May 22, 2019, 7:56 PM IST

নিৰ্বাচনৰ ফলাফল সম্বন্ধে নলবাৰীত উপায়ুক্তৰ সংবাদমেল

নলবাৰী,22 মে': কালি অনুষ্ঠিত হ'বলগীয়া যি ভোটগণনা প্ৰক্ৰিয়া তাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে নলবাৰী জিলা প্ৰশাসন ৷ নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিত হবলগীয়া ভোটগণনাৰ বাবে কটকটীয়া তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷

নিৰ্বাচনৰ ফলাফল সম্বন্ধে নলবাৰীত উপায়ুক্তৰ সংবাদমেল

মংগলদৈ সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিৰ ভোট গণনাত মুঠ টেবুল থাকিব 14 খন আৰু ভোটগণনা হ'ব মুঠ 19টা ৰাউণ্ডত ৷ নলবাৰীত মুঠ 1,99,413 জন ভোটাৰৰ ভিতৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে 1,68,032জনে ৷ নলবাৰী বিধানসভা সমষ্টিত ভোটদানৰ হাৰ আছিল 84.36 শতাংশ ৷ ইয়াৰে নলবাৰী আল্লিয়া এল.পি স্কুলত সৰ্বোচ্চ 94.92 শতাংশ ভোটদান সম্পন্ন হয় ৷

ইয়াৰ বিপৰীতে বৰপেটাৰ ধৰ্মপুৰ সমষ্টিত মুঠ টেবুল থাকিব 12 খন আৰু ভোটগণনা সম্পন্ন হ'ব মুঠ 16 টা ৰাউণ্ডত ৷ সমষ্টিটোত মুঠ 1,38,339 জন ভোটাৰৰ ভিতৰত 1,09,954 লোকে ভোটাধিকাৰ সাব্যস্ত কৰে ৷

গুৱাহাটীৰ বৰক্ষেত্ৰীত ভোটগণনাৰ বাবে 14 খন টেবুল থকাৰ বিপৰীতে মুঠ 19 ৰাউণ্ডত সম্পন্ন হ'ব ভোটগণনা ৷ বৰক্ষেত্ৰীত মুঠ 1,84,339 জন ভোটাৰৰ ভিতৰত ভোটাধিকাৰ সাব্যস্ত কৰে 1,58,277

জন লোকে ৷

ABOUT THE AUTHOR

...view details