তেজপুৰ, 30 এপ্ৰিল: দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি তুংগত ৷ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ইটখোলাৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকলৰ উদ্যমেৰে অহা 10 মে' ৰ পৰা 12 মে' লৈকে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহ ৷
দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী সমাৰোহ উদযাপনৰ প্ৰস্তুতি
দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি তুংগত ৷ অহা 10 মে’ৰ পৰা 12 মে’লৈকে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহ ৷
জ্ঞানৰ পোহৰ বিলোৱাৰ মহান উদ্দেশ্যে কেইগৰাকীমান শিক্ষাসেৱী তথা কৰ্মযোগী ব্যক্তিৰ মহান ত্যাগৰ প্ৰচেষ্টাৰ বিনিময়ত ১৯৬৮ চনত প্ৰতিষ্ঠা লাভ কৰিছিল এই দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে ৷ আজি এই বিদ্যালয় খনে সম্পূৰ্ণ কৰিলে 50 বছৰ ৷ 10 মে' ত আৰম্ভ হ'বলগীয়া এই সোণালী জয়ন্তী সমাৰোহত বিধায়ক পদ্ম হাজৰিকাই পতাকা উত্তোলন কৰাৰ লগতে উপস্থিত থাকিব বহুতো গণ্য-মান্য ব্যক্তি ৷ ইয়াৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয় অৱসৰ প্ৰাপ্ত উপাচাৰ্য ডঃ মিহিৰ কান্তি চৌধুৰী ৷ লগতে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷