ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ জুন: চলিত মাহৰ অন্তত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বিশ্বযুদ্ধত ৭৫ সংখ্যক ৰাছিয়াৰ বিজয়ী উদযাপনৰ বাবে ৰাছিয়া সেনাৰ পেৰেড প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে । আগন্তুক ২৪ জুন শনিবাৰে হ'বলগীয়া এই সমাৰোহৰ পেৰেডৰ অনুশীলনৰ বাবে বহু ডজন টেংক, কৰ্মী বাহক আৰু বেলিষ্টিক মিছাইল ক্ষেপনাস্ত্ৰ ৰাছিয়াৰ ৰাজধানী মস্কো চহৰৰ মাজেৰে লৈ যোৱা হয় ।
৭৫ সংখ্যক মস্কো বিজয়ী দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত - কৰ'ণা মহামাৰী
দ্বিতীয় বিশ্বযুদ্ধত নাজিচৰ বিৰুদ্ধে ৭৫ সংখ্যক মস্কো বিজয়ী উদযাপনৰ বাবে ৰাছিয়া সেনাৰ পেৰেডৰ প্ৰস্তুতি আৰম্ভ । চলিত মাহৰ অন্তত অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহ ৯ মে' তাৰিখে সম্পন্ন কৰা হয় যদিও শেহতীয়া কৰ'ণা মহামাৰীৰ বাবে এইবাৰ এই পেৰেড ছোভিয়েট সংঘৰ বিজয়ী পেৰেড উদযাপনৰ দিনা অৰ্থাৎ ২৪ জুন তাৰিখে সম্পন্ন হ'ব ।
আনহাতে, ৰাছিয়াৰ সৈনিকসকলে দেওবাৰে মস্কো চহৰৰ মাজেৰে মাৰ্চ পাছ কৰে আৰু ৰেড স্কোৱেৰত যুদ্ধৰ অনুশীলন কৰে, য'ত পেৰেড প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব । পৰম্পৰা অনুসৰি, পেৰেড প্ৰক্ৰিয়াটো ৯ মে' তাৰিখে সম্পন্ন কৰা হয় যদিও শেহতীয়া কৰ'ণা মহামাৰীৰ বাবে এইবাৰ এই পেৰেড ছোভিয়েট সংঘৰ বিজয়ী পেৰেড উদযাপনৰ দিনা অৰ্থাৎ ২৪ জুন তাৰিখে সম্পন্ন হ'ব ।
এই বিজয়ী দিৱসটো ৰাছিয়ানসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মনিৰপেক্ষ দিন হিচাপে গণ্য কৰা হয় আৰু এই সমাৰোহে লক্ষাধিক লোকক আকৰ্ষিত কৰে । সূত্ৰই জনোৱা মতে, চলিত বছৰৰ এই সমাৰোহ অধিক আকৰ্ষণীয়কৈ উদযাপন কৰাৰ কথা আছিল যদিও কৰণা মহামাৰীৰ বাবে ‘দ্যা ইম্মোৰ্টেল ৰেজিমেণ্ট’ কাৰ্যসূচী স্থগিত ৰখা হয় ।