অসম

assam

ETV Bharat / briefs

তিতাবৰত পানী যোগান আঁচনিত দুৰ্নীতিৰ অভিযোগ! - assam news

যোৰহাটপৰ তিতাবৰ মহকুমাত নিৰ্মাণ কৰা হৈছিল 100 কোটি টকীয়া পানী যোগান আঁচনি ৷ কিন্তু অতি কম দিনৰ ভিতৰত বিকল হৈ পৰে আঁচনিখন ৷ যাৰ ফলত আৰ্চেনিকযুক্ত পানী সেৱন কৰিবলগীয়া হয় অঞ্চলবাসীয়ে

তিতাবৰত পানী যোগান আঁচনিত দুৰ্নীতি

By

Published : Apr 5, 2019, 7:48 PM IST

Updated : Apr 5, 2019, 7:54 PM IST

যোৰহাট, 5 এপ্ৰিলঃ তিতাবৰ মহকুমাৰ 100 কোটি টকীয়া পানী যোগান আঁচনিত ব্যাপক দুৰ্নীতি ৷ পানী যোগান আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কংগ্ৰেছী নেতা, পালি নেতাৰ বিৰুদ্ধে ৷ যোৰহাটৰ তিতাবৰ মহকুমাত নিৰ্মাণ কৰা হৈছিল 100 কোটি টকীয়া পানী যোগান আঁচনি ৷ কিন্তু অতি কম দিনৰ ভিতৰত বিকল হৈ পৰে আঁচনিখন ৷ যাৰ ফলত আৰ্চেনিকযুক্ত পানী সেৱন কৰিবলগীয়া হয় অঞ্চলবাসীয়ে ৷ স্থানীয় বাসিন্দাই আঁচনিখনৰ দুৰ্নীতি বিৰুদ্ধে তদন্তৰ দাবী জনাই যদিও ৰাজ্যত শাসনধীষ্ঠ চৰকাৰখনে বৰ্তমান পৰ্যন্ত দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ কৰা নাই তদন্ত ৷ আনহাতে, তিতাবৰত শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ তিতাবৰৰ উন্নয়ন লাগিলে বিজেপিক ভোট দিবলৈ আগবঢ়োৱা মন্তব্যই ক্ষোভিত কৰিছে অঞ্চলবাসীক ৷

তিতাবৰত পানী যোগান আঁচনিত দুৰ্নীতিৰ অভিযোগ!
Last Updated : Apr 5, 2019, 7:54 PM IST

ABOUT THE AUTHOR

...view details