ধুবুৰী, ২৩ চেপ্টেম্বৰ:ধুবুৰী জিলাৰ গৌৰীপুৰ থানাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদন্তকাৰী শাখাই বুধবাৰে চলায় অভিযান ।
অভিযানত গৌৰীপুৰ থানাৰ আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু নগৰৰ দ্বায়িত্বত থকা সহকাৰী উপ পৰিদৰ্শক আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰে । এক লাখ টকা উৎকোচ লৈ হাতেলোটে গ্ৰেপ্তাৰ হয় আৰক্ষীৰ লোক কেইজন ।