অসম

assam

ETV Bharat / briefs

ভিডিঅ' কনফাৰেন্সযোগে বাণিজ্যিক কয়লা খননৰ কামৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে - কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী

বাণিজ্যিক খননৰ বাবে কয়লাৰ নিলামীৰ কাম আগন্তুক ১৮ জুনত আৰম্ভ হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সযোগে এই কামৰ শুভাৰম্ভ কৰিব ।

ভিডিঅ' কনফাৰেন্সযোগে বাণিজ্যিক কয়লা খননৰ কামৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
ভিডিঅ' কনফাৰেন্সযোগে বাণিজ্যিক কয়লা খননৰ কামৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

By

Published : Jun 11, 2020, 10:24 PM IST

নতুন দিল্লী, ১১ জুন:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জুন তাৰিখে ভিডিঅ' কনফাৰেন্সযোগে বাণিজ্যিক খননৰ বাবে কয়লাৰ নিলামীৰ কাম আৰম্ভ কৰিব । এই নিলামী আত্মনিৰ্ভৰ ভাৰতৰ বাবে নতুন আশা বুলি কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে টুইটযোগে সদৰী কৰে এই কথা। ভাৰতে নতুনকৈ আত্মনিৰ্ভৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে আৰু এই কয়লা খননে ইয়াত অগ্ৰণী ভুমিকা পালন কৰিব । এই ক্ষেত্ৰত ১০০ শতাংশ এফ ডি আইৰ অনুমতি প্ৰদান কৰা হৈছে ।

ভিডিঅ' কনফাৰেন্সযোগে বাণিজ্যিক কয়লা খননৰ কামৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও কয়লাৰ বাণিজ্যকৰণ সম্পৰ্কে তেওঁৰ পূৰ্বৰ পেকেজত মন্তব্য দাঙি ধৰিছিল । CCEAৰ দ্বাৰা অনুমোদিত হোৱা কাৰ্যপ্ৰণালীত কোৱা হৈছে যে,কয়লা খননৰ পেৰামিটাৰ সম্পূৰ্ণ ৰাজকীয় হ'ব ।

লগতে পঢ়ক: বাঘজান কাণ্ডঃ দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে

ABOUT THE AUTHOR

...view details