চিটাৰা ডেস্ক, ১৩ জুন: আমেৰিকাৰ Academy of Motion Picture Arts and Sciences য়ে শুকুৰবাৰে Academy Aperture 2025ৰ মাধ্যমেৰে অস্কাৰ এৱাৰ্ডৰ বাবে প্ৰস্তুত কৰা নতুন পৰিকল্পনাসমূহৰ ঘোষণা কৰে । সূত্ৰই জনোৱা মতে, নতুন পৰিকল্পনাৰ উদ্দেশ্য হৈছে চলচ্চিত্ৰ জগতৰ বৈচিত্ৰতা বৃদ্ধি কৰা ।
এই সংকল্পৰে Producers Guild of America (PGA) and the Academy উদ্যোগত সদস্যসকলৰ সৈতে এক আলোচনাত মিলিত হৈ টাস্ক ফ'ৰ্চৰ বাবে দল গঠন কৰিছে । টাস্ক ফ'ৰ্চে চলিত বৰ্ষৰ ৩১ জুলাইলৈকে অস্কাৰৰ যোগ্যতাৰ বাবে নতুন উপস্থাপনা আৰু বিকাশৰ কাৰ্যকৰী কৰিব । ‘শ্ৰেষ্ঠ ছবি’ৰ মনোনয়ণৰ সংখ্যাৰ পৰিমাণ হৈছে একাডেমীৰ নতুন এক পৰিৱৰ্তন । ২০২১ চনৰ ছবিসমূহৰ বাবে আগন্তুক ৯৪ সংখ্যক অস্কাৰ এৱাৰ্ডত ‘সৰ্বশ্ৰেষ্ঠ ছবি’ৰ বাবে ১০ টা স্থান নিৰ্ধাৰণ কৰা হৈছে ।