ৰূপহীহাট,৩ ফেব্ৰুৱাৰী: অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ক্ৰমাৎ কঠোৰ হৈছে নগাঁৱৰ বন বিভাগ ৷ জিলাখনৰ ৰূপহীহাটৰ অন্তৰ্গত জুৰীয়াৰ বিভিন্ন স্থানত দীৰ্ঘসময়ৰ পৰা অবৈধভাৱে চলি অহা কাঠফলা মিলৰ বিৰুদ্ধে বিভাগটোৱে আৰম্ভ কৰিছে অভিযান ৷ অভিযানত কেইবাটাও কাঠফলা মিল উচ্ছেদ কৰে বন বিভাগে ৷ জিলা বন বিষয়া জয়ন্ত গোস্বামীয়ে এই অভিযানৰ নেতৃত্ব বহন কৰে ৷
অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান - Operation against illegal wood mill at juria nagaon etv bharat news
ৰূপহীহাটৰ জুৰীয়াত অবৈধভাৱে চলি থকা কাঠফলা মিলৰ বিৰুদ্ধে নগাঁও বন বিভাগৰ অভিযান আৰম্ভ ৷
অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
উল্লেখযোগ্য যে, অভিযানকাৰী দলটোৱে আলিটাঙনী, দগাওঁ, বালুচ’ৰ আৰু কালিয়াদিঙ্গীয়া আদি অঞ্চলত অভিযান চলাই ৪টাকৈ অবৈধ কাঠফলা মিল জব্দ কৰে ৷
লগতে পঢ়ক-চাইকেল ৰেলীত অংশগ্ৰহণ কৰি নিৰাপত্তাৰক্ষীক কিয় ধমক দিলে মন্ত্ৰী হিমন্তই ?