গুৱাহাটী, 15 জুন: মহানগৰীত অব্যাহত আছে বৰবিষ ড্ৰাগছৰ ৰমৰমীয়া বেহা। ড্ৰাগছৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী ৷ শণিবাৰে মহানগৰীৰ ভূতনাথত ভৰলুমুখ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী৷ মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰি থাকোঁতেই আৰক্ষীয়ে হাতে-লোতে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক৷
মহানগৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান - ভৰলুমুখ
মহানগৰীত অব্যাহত আছে বৰবিষ ড্ৰাগছৰ ৰমৰমীয়া বেহা। ড্ৰাগছৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী ৷ শণিবাৰে মহানগৰীৰ ভূটনাথত ভৰলুমুখ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছসহ এটা পেডলাৰক৷

মহানগৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
মহানগৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আলম আলী বুলি জানিব পৰা গৈছে৷ আলমৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা মোবাইল ফোন সহ প্ৰায় ১.৫০ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ২১হাজাৰ নগদ টকা৷ সম্প্ৰতি ভৰলুমুখ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷