ডিফু, ৯ জুলাইঃ ক'ভিড ১৯ত আক্ৰান্ত হৈ বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ এগৰাকী বিষয়াই । মৃত ৰামছিং হাঞ্চে নামৰ বিষয়াগৰাকী বিভাগটোৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক হিচাপে কৰ্মৰত আছিল ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে জিলাখনত কৃষি বিভাগৰ অভিযন্তা তথা বিভাগটোৰ অতিৰিক্ত সঞ্চালক ৰামছিং হাঞ্চে কোভিড-১৯ আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছিল ৷
কাৰ্বি আংলঙত কোভিড-১৯ত আক্ৰান্ত হৈ কৃষি বিভাগৰ বিষয়াৰ মৃত্যু - কোভিড-১৯
কাৰ্বি আংলঙত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰে পুৱাৰ ভাগত জিলাখনৰ ৫ জনকৈ শিশু আৰু এজন ৫৬ বছৰীয়া লোকৰ কৰ'ণা ভাইৰাছ পজিটিভ পোৱা গৈছে। আনহাতে, এই মহামাৰীৰ ফলত চিকিৎসাধীন অৱস্থাত এজন কৃষি বিভাগৰ বিষয়াৰ মৃত্যু হৈছে।
উল্লেখ্য যে, যোৱা কিছুদিন ধৰি জ্বৰ, চৰ্দি, কাঁহ আদিত আক্ৰান্ত হৈ থকা কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ ইয়াৰ মাজতে যোৱা ৪ জুলাইত বিষয়াগৰাকী গুৰুতৰ বাবে অসুস্থ হৈ পৰিছিল আৰু ৫ জুলাইত তেখেতৰ স্বাৱ টেষ্টৰ ফলাফল পজিটিভ পোৱা গৈছিল ৷ বিষয়া গৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱণতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল ৷ ৰামছিং হাঞ্চেক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিছত শ্বাস- প্ৰশ্বাসত ভুগি বৃহস্পতিবাৰে পুৱা ১০ বজাত মৃত্যুক আকোঁৱালি লয় ৷
আনহাতে, আজি পুৱাৰ ভাগত প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ ১৬ বছৰৰ অনুৰ্ধৰ ৫ জনকৈ শিশু আৰু এজন ৫৬ বছৰীয়া লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে।