বৰপেটা ১৮ জুন: বৰপেটাত কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা চলোৱা এজন কৰ'ণা আক্ৰান্ত লোকৰ মৃত্যু হয় ৷ বুধবাৰে নিশা বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ ৷ লোকজন বঙাইগাৱৰ যোগীঘোপাৰ পাল্লীৰতল গাৱৰ জয়নুদ্দিন শ্বেখ বুলি জানিব পৰা গৈছে ৷ যোগীঘোপাৰ পাল্লীৰতল প্ৰাথমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা মঙলবাৰে পুৱতি নিশা পলায়নৰ চেষ্টা চলাই আঘাতপ্ৰাপ্ত হৈছিল লোকজন ৷
কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা চলোৱা এজন কৰ'ণা আক্ৰান্তৰ মৃত্যু
কৰ'ণাত আক্ৰান্ত লোকজনক হাস্পতাললৈ নিবৰ সময়তে পলায়নৰ চেষ্টা চলায় । কোৱাৰেন্টাইন কেন্দ্ৰৰ বিদ্যালয় গৃহৰ চিলিঙেৰে পলায়নৰ চেষ্টা চলাওতেই মজিয়াত পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন ।
উল্লেখ্য যে, কৰ'ণাত আক্ৰান্ত লোকজনক হাস্পতাললৈ নিবৰ সময়তে পলায়নৰ চেষ্টা চলায় । কোৱাৰেন্টাইন কেন্দ্ৰৰ বিদ্যালয় গৃহৰ চিলিঙেৰে পলায়নৰ চেষ্টা চলাওতেই মজিয়াত পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় যদিও যোৱা নিশা লোকজনৰ মৃত্যু হয় ।
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডা৹ ববীজিৎ গোস্বামীয়ে জনোৱা মতে মূৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত লোকজনক ভেন্টিলেটৰত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছিল ৷ তদুপৰি লোকজনক সুস্থ কৰি তোলাৰ বাবে জি এম ছি এইছৰ পৰা নিউৰ'ল'জি বিভাগৰ বিশেষজ্ঞ চিকিৎসককো অনা হৈছিল ৷ কিন্তু চিকিৎসকৰ সকলো চেষ্টা বিফল কৰি বুধবাৰে নিশা মৃত্যু হয় লোকজনৰ ৷