অসম

assam

ETV Bharat / briefs

মহামাৰীৰ সময়ত শকত লোকে শাৰীৰিক আৰু মানসিক অশান্তিত ভুগিছে: গৱেষণা - গৱেষক জাইম আলমাণ্ডোজ

আমেৰিকাৰ হাউচটনৰ দ্যা ইউনিভাৰ্ছিটি অৱ টেক্সাছ হেল্থ চায়েন্স চেণ্টাৰ আৰু ইউ টি চাউথ ৱেষ্টাৰ্ণে সদৰী কৰা মতে, কৰ'ণা মহামাৰীয়ে ওজন থকা লোকসকলৰ ওপৰত অধিক প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে । কিয়নো লকডাউনৰ বাবে ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হোৱা বাবে তেওঁলোকে ওজন কমাবলৈ আৰু মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ অধিক সংঘৰ্ষ কৰিবলগীয়া হয় ।

কৰ'ণা মহামাৰীৰ সময়ত শকত লোকে অধিক পৰিমাণে শাৰীৰিক আৰু মানসিক অশান্তিত ভুগিছে: গৱেষণা
কৰ'ণা মহামাৰীৰ সময়ত শকত লোকে অধিক পৰিমাণে শাৰীৰিক আৰু মানসিক অশান্তিত ভুগিছে: গৱেষণা

By

Published : Jun 15, 2020, 11:35 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ জুন : লকডাউনৰ মাজতে গৱেষকসকলে গৱেষণাৰ জৰিয়তে কৰ'ণা মহামাৰী সন্দৰ্ভত অন্য কিছুমান তথ্য উদঘাটন কৰিছে । কৰ'ণা মহামাৰীয়ে ওজন থকা লোকসকলৰ ওপৰত অধিক প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে । কিয়নো লকডাউনৰ বাবে ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হোৱা বাবে তেওঁলোকে ওজন কমাবলৈ আৰু মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ অধিক সংঘৰ্ষ কৰিবলগীয়া হয় ।

The journal Clinical Obesityত প্ৰকাশিত অনুসৰি, গৱেষকসকলে ১২৩ কেজি ওজনৰ ৰোগীসকলৰ ওপৰত গৱেষণা চলাই তথ্য উলিয়ায় যে, প্ৰায় ৭৩ শতাংশ ৰোগীয়ে কৰ'ণা সন্দৰ্ভত নিজৰ চিন্তা ব্যক্ত কৰিছে আৰু ৮৪ শতাংশ ৰোগী মানসিক অশান্তিত ভুগি আছে ।

কৰ'ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে নিজ নিজ ঘৰত থাকিবলৈ দিয়া হৈছে যদিও বেছি ওজনৰ লোকসকলৰ বাবে এইটো এটা চিন্তনীয় বিষয় হৈ পৰিছে । কাৰণ বেছি ওজনৰ লোকসকল অতি সোনকালে কৰ'ণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে । আমেৰিকাৰ হাউচটনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ গৱেষক চাৰা মেচিহাই সদৰী কৰে এই কথা ।

১৫ এপ্ৰিলৰ পৰা ৩১ মে'লৈ আয়োজন কৰা এক অনলাইন প্ৰশ্নাৱলীৰ দ্বাৰা এই অধ্যয়নৰ তথ্য যুগুত কৰা হৈছে । অংশগ্ৰহণকাৰীসকলৰ বয়স ৫১ বছৰৰ ওচৰে-পাজৰে আছিল আৰু ইয়াৰে ৮৭ শতাংশ মহিলা অংশগ্ৰহণকাৰী আছিল । ৰোগীসকলৰ ব'ডি মাচ ইণ্ডেক্স ৪০ আছিল ।

সূত্ৰ অনুসৰি, ৭০ শতাংশ মহিলাই ওজন কমোৱাৰ ক্ষেত্ৰত কষ্ট পায়, ৪৮ শতাংশৰ হাতত শৰীৰ চৰ্চা কৰিবলৈ সময়ৰ অভাৱ হৈছিল আৰু ৫৬ শতাংশ ৰোগীয়ে শৰীৰ চৰ্চা কম পৰিমাণেহে কৰিছিল । প্ৰায় আধা সংখ্যক ৰোগীৰ ওজনৰ পৰিমাণ বৃদ্ধিৰ তথ্য পোৱা গৈছে আৰু ৬১ শতাংশ ৰোগীয়ে অসুস্থতাৰে আহাৰ গ্ৰহণ কৰি আছে । ৰোগীসকলে SARS-CoV-2ৰ বাবে ইতিমধ্যে টেষ্ট কৰে আৰু ইয়াৰে ১৫ শতাংশ ৰোগীৰ দেহত ভাইৰাছ পোৱা গৈছে বুলি জানিব পৰা গৈছে । প্ৰায় ১০ শতাংশ ৰোগীয়ে চাকৰিৰ পৰা অব্যাহতি লোৱাৰ বিপৰীতে ২০ শতাংশই নিয়মীয়াকৈ আহাৰ গ্ৰহণ কৰিব পৰা নাই ।

এই গৱেষণাৰ মূল উদ্দেশ্য হৈছে, ক'ৰণা মহামাৰীয়ে শকত ৰোগীসকলৰ দেহত কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰে তাক এই তথ্য সঞ্চালিত চিহ্নৰ পৰা উদঘাটন কৰা । লেখক তথা গৱেষক জাইম আলমাণ্ডোজে সদৰী কৰে এই কথা । লগতে তেওঁ কয় যে, যেতিয়া মানুহে আইশ্ব'লেচনৰ ফালে নিজকে ঠেলি নিয়ে, তেন্তে তেওঁলোকৰ মনত চাকৰি আৰু ব্যক্তিত্ব হেৰুওৱাৰ আশংকা অহাৰ লগতে তেওঁলোকৰ মনত এক সাম্ভাব্য বিপৰ্যয়ৰ ভাৱ সোমাই যায় ।

বেছি ওজন থকা লোকসকলৰ দেহত অতি সহজে কৰ'ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰাকৈ মানসিক অশান্তি দূৰ কৰিবলৈ গৱেষকসকলে চিকিৎসক তথা অন্য বিশেষজ্ঞৰ সৈতে মত-বিনিময় কৰিব বুলি জানিবলৈ দিয়ে ।

আনহাতে, বিগত মাহত The BMJ জাৰ্ণেলত প্ৰকাশিত অনুসৰি, বয়স, পুৰুষ, যৌনতা, শকত আৰু অন্তৰ্নিহিত বেমাৰ বেছি থকা লোকসকল অতি সোনকালেই কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিব পাৰে ।

ABOUT THE AUTHOR

...view details