অসম

assam

ETV Bharat / briefs

কোনো প্ৰশ্নকালীন ঘন্টা নাথাকিব সংসদৰ বৰ্ষাকালীন অধিবেশনত

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছিল যে,তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকয়া নাইডুক অধিবেশনৰ শূন্যকালীন ঘন্টাৰ সময় ৩০ মিনিট ৰখাৰ বাবে অনুৰোধ জনাইছে ।তেওঁ কয় যে, এই বিষয়ে লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষদ্বয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ।

কোনো প্ৰশ্নকালীন ঘন্টা নাথাকিব সংসদৰ বৰ্ষাকালীন অধিবেশনত
কোনো প্ৰশ্নকালীন ঘন্টা নাথাকিব সংসদৰ বৰ্ষাকালীন অধিবেশনত

By

Published : Sep 4, 2020, 5:24 PM IST

নতুন দিল্লী,৪ চেপ্তেম্বৰঃঅহা ১৪ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হব লোকসভা আৰু ৰাজ্যসভাৰ বৰ্ষাকালীন অধিবেশন । এইবাৰৰ অধিবেশনত কেৱল মাত্ৰ শূন্যকালীন ঘন্টাৰহে অনুমতি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

শূন্যকালীন ঘন্টা চলাৰ সময়ত, সাংসদ,তথা সদস্যসকলে বাধ্যতামূলক দহ দিনৰ অগ্ৰিম বিজ্ঞপ্তিৰ বাদে কেৱল অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় সমূহহে উত্থাপন কৰিব পাৰিব । প্ৰশ্নসমূহ অধিবেশনৰ প্ৰথমটো ঘন্টাত সদনত উপস্থিত থকা সদস্য সকলে মন্ত্ৰীসকলক সুধিব পাৰিব ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছিল যে,তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকয়া নাইডুক অধিবেশনৰ শূন্যকালীন ঘন্টাৰ সময় ৩০ মিনিট ৰখাৰ বাবে অনুৰোধ জনাইছে ।তেওঁ কয় যে, এই বিষয়ে লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষদ্বয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ।

বিৰোধী দলসমূহে প্ৰশ্নোত্তৰ ও শূন্যকালীন ঘন্টাৰ সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছে । অৰ্জুন ৰাম মেঘৱাল, ভি মুৰালিধৰণ আৰু মই এই বিষযে প্ৰত্যেক দলৰ সৈতে কথা পাতিছো আৰু তৃণমূল কংগ্ৰেছৰ ডেৰেক ওব্ৰেইনৰ বাদে সকলোৱে সন্মতি জনাইছে এই বিষয়ত ।

আমি লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষক শূন্যকালীন ঘন্টাৰ সময় ৩০ মিনিট ৰখাৰ বাবে পৰামৰ্শ দিছো ।অৱশ্যে এই বিষয়ত তেওঁলোকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । চৰকাৰে প্ৰতিটো বিষয়েই আলোচনা কৰাৰ বাবে প্ৰস্তত আছে । মইও অধ্যক্ষক জৰুৰী প্ৰশ্ন সমূহ উত্থাপন কৰাৰ বাবে সময় দিয়াৰ বাবে অনুৰোধ কৰিছো । এইদৰে কয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে ।

ৰাজ্যসভা আৰু লোকসভাৰ চৰকাৰী কাৰ্যক্ৰমণিকা অনুসৰি বৰ্ষাকালীম অধিবেশন কৰোণা মহামাৰীৰ বাবে সংসদৰ উভয় সদনতে বেচৰকাৰী সদস্য সকলৰ উপস্থিতি আৰু প্ৰশ্নোত্তৰৰ ব্যৱস্থা নাথাকিব । বিৰোধী দল সমূহে এই পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে ।

সংসদৰ বৰ্ষাকালীন অধিবেশন অহা ১৪ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হব । অধিবেশন আৰম্ভ হোৱাৰ পিচত মাজত এটা দিনো বিৰতি নোহোৱাকৈ অহা ১ অক্টোবৰত ইয়াৰ সমাপ্তি ঘটিব । উভয় সদনতে প্ৰতিদিনে ৪ ঘন্টা কৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি বহিব । ১৪ চেপ্তেম্বৰৰ প্ৰথম দিনটোত নিম্ন সদন পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজা পৰ্যন্ত অনুষ্ঠিত হোৱাৰ বিপৰীতে উচ্চ সদন বিয়লি ৩ বজাৰ পৰা সন্ধ্যা ৭ বজা পৰ্যন্ত চলিব ।

পৰৱৰ্তী দিনকেইটাত ৰাজ্যসভাৰ কাৰ্যনিৰ্বাহক পুৱা ৯ বজাৰ পৰা ১ বজালৈকে চলাৰ বিপৰীতে লোকসভাৰ অধিবেশন সমূহ বিয়লি ৩ বজাৰ পৰা সন্ধ্যা ৭ বজালৈকে চলিব থাকিব ।

লগতে চাওকঃ

ABOUT THE AUTHOR

...view details