ছিপাঝাৰ, 9 জুন: ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এক পুতৌ লগা স্বৰূপ ৷ ভগা ৰাস্তাৰে এম্বুলেন্স নাহে, সেয়েহে ঠেলাৰে চিকিৎসালয়লৈ অনা হ'ল ৰোগীক ৷ বিভিন্ন ধৰণৰ অভিলাষী আঁচনিৰে দেশ তথা ৰাজ্যৰ আমুল পৰিৱৰ্তন সাধিব বিচৰা চৰকাৰে কিমান নজৰ দিয়ে প্ৰকৃত উন্নয়ন তথা বিকাশৰ স্বৰূপটোৰ প্ৰতি ৷ এই ঘটনা দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ ৷ ৰোগাক্ৰান্ত এগৰাকী মহিলাক চিকিৎসালয়লৈ নিবলৈ পৰিয়ালে যোগাৰ কৰিব নোৱাৰিলে এখন এম্বুলেন্স ৷ কিয়নো ভঙা-ছিঙা পথেৰে অঞ্চলটোলৈ আহিব নোৱাৰে বিনামূলীয়া মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্সৰ লগতে আন বাহন ৷ সেয়েহে এখন ঠেলাত উঠাই ঘোৰাশালৰ পৰা জনসেৱালৈ চিকিৎসাৰ বাবে লৈ অহা হ'ল মনেশ্বৰী দেৱী নামৰ মহিলাগৰাকীক ৷
এম্বুলেন্সৰ সলনি ঠেলাগাড়ীৰে চিকিৎসালয়লৈ অনা হ'ল ৰোগীক - গড়কাপ্তানি আৰু স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এক পুতৌ লগা স্বৰূপ ৷ ভগা ৰাস্তাৰে এম্বুলেন্স নাহে, সেয়েহে ঠেলাৰে চিকিৎসালয়লৈ অনা হ'ল ৰোগীক ৷
এম্বুলেন্সৰ সলনি ঠেলাগাড়ীৰে চিকিৎসালয়লৈ অনা হ'ল ৰোগীক
উল্লেখযোগ্য যে, সঘনাই উন্নয়নৰ শ্লোগান গোৱা অসম চৰকাৰৰ গড়কাপ্তানি আৰু স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ নহয় নেকি ৰাইজৰ এই দুৰ্যোগসমূহ ৷ আনহাতে শাসকীয় দলৰে বিধায়ক বিনন্দ শইকীয়াৰ নিজা সমষ্টিত ৰাইজৰ এনে দুৰ্দশা হোৱাতো অতি পৰিতাপৰ বিষয় ৷ এইয়া মাত্ৰ এখনহে ছবি, ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও এইদৰে সমস্যাজৰ্জৰ জীৱন কটাবলগীয়া হৈছে চহা জনতাই ৷