ন ৰূপত কামাখ্যা ৰে'লৱে ষ্টেচন
উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ কামাখ্যা ৰে'লৱে ষ্টেচনক উন্নতমানৰ কৰি তোলাৰ লক্ষ্যৰে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।
মালিগাওঁ, ২৫ এপ্ৰিলঃ মালিগাঁৱৰ কামাখ্যা ৰে'লৱে ষ্টেচনত যাত্ৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছে জিৰণি কোঠা। ১০খন বিচনাযুক্ত দুটা আৰু ১০টাকৈ অত্যাধুনিক কোঠা নিৰ্মাণ কৰা হৈছে কামাখ্যা ৰে'ল ষ্টেচনৰ ৪নং প্লেটফৰ্মত। যাত্ৰীসকলৰ বাবে এই অত্যাধুনিক কোঠালীসমূহত এচি, বিশুদ্ধ খোৱাপানী, টিভিৰ লগতে বিভিন্ন সা সুবিধা উপলব্ধ হ'ব। তাৰোপৰি প্লেটফৰ্মসমূহত বৃদ্ধি কৰা হৈছে যাত্ৰীৰ আসনৰ সংখ্যা। ইয়াৰোপৰি যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূৱ সীমান্ত ৰে'লৱে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ কথা উল্লেখ কৰে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।