অসম

assam

সংকটত নেপালৰ প্ৰধানমন্ত্ৰীৰ চকী

By

Published : Jul 1, 2020, 3:45 PM IST

নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ'লি শৰ্মাই কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ঝলনাথ খন্নাল নামৰ এগৰাকী নেতাই। তেখেতে সমাজ তথা দলৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে ব্যক্তিগত লাভালাভত অধিক গুৰুত্ব প্ৰদান কৰে। তেখেত সম্পূৰ্ণৰূপে এজন ব্য়ৰ্থ প্ৰধানমন্ত্ৰী বুলি ঝলনাথ খন্নালে মন্তব্য প্ৰকাশ কৰে।

Nepal PM
Nepal PM Oli holds cabinet meeting after ruling party leaders call for his 'resignation'

নিউজ ডেস্ক, ১ জুলাইঃ নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ'লি শৰ্মাই বুধবাৰে এখন জৰুৰীকালীন কেবিনেট বৈঠকৰ আয়োজন কৰে । মঙলবাৰে শাসনাধীষ্ঠিত নেপাল কমিউনিষ্ট দল (NCP)ৰ নেতাসকলে প্ৰধানমন্ত্ৰীগৰাকীক শীঘ্ৰে পদত্যাগৰ দাবী উত্থাপন কৰাৰ পাছতে আজি দলৰ মন্ত্ৰীসকলৰ সৈতে বৈঠকৰ আয়োজন কৰে।

দলটোৰ জ্যেষ্ঠ নেতা তথা সহ-অধ্যক্ষ পুষ্পা কমল দাহাল, মাধৱ নেপাল, ঝলনাথ খন্নাল আৰু বামদেৱ গৌতমে প্ৰধানমন্ত্ৰী কেপি অ'লি শৰ্মাক পদত্যাগ কৰাৰ বাবে দাবী জনাইছিল। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সমাধান কৰাত প্ৰধানমন্ত্ৰীগৰাকী ব্যৰ্থ হোৱাৰ বাবে তেখেতক পদত্যাগ কৰাৰ দাবী জনাইছিল নেতাসকলে।

সংকটত নেপালৰ প্ৰধানমন্ত্ৰীৰ চকীঃ জৰুৰীকালীন কেবিনেট বৈঠকৰ আয়োজন

হিমালয়ান টাইমছত প্ৰকাশ পোৱা বাতৰি অনুসৰি, মংগলবাৰে নেপাল কমিউনিষ্ট দলৰ স্থায়ী কমিটিৰ বৈঠকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে ভাৰত আৰু আন আন বিষয়ক লৈ কৰা বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি বৈঠকত আলোচনা কৰা হৈছিল বুলি জানিব পৰা গৈছে।

প্ৰধানমন্ত্ৰী কেপি অ'লি শৰ্মাই কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ঝলনাথ খন্নালে । তেখেতে সমাজ তথা দলৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে ব্যক্তিগত লাভালাভত অধিক গুৰুত্ব প্ৰদান কৰে । তেখেত সম্পূৰ্ণৰূপে এজন ব্য়ৰ্থ প্ৰধানমন্ত্ৰী বুলি ঝলনাথ খন্নালে মন্তব্য প্ৰকাশ কৰে।

লগতে পঢ়ক : এই পৰ্যন্ত কাজিৰঙাত বানত মৃত্যু ১৪ টা বন্য জীৱৰ

ABOUT THE AUTHOR

...view details