অসম

assam

ETV Bharat / briefs

শিৱসেনাৰ বিধায়কৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ গোচৰ

প্ৰতাপ সাৰনায়কে কৰা এটা টুইটত কংগনা ৰাণাৱটক পাকিস্তান অধিকৃত কাশ্মীৰৰ লগত মুম্বাইক তুলনা কৰাৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰাৰ দাবী জনাইছিল । তেওঁ টুইটাৰত অভিনেত্ৰীগৰাকীক ভাবুকি দি কয় যে, কংগনা ৰাণাৱট যদি মুম্বাইত প্ৰৱেশ কৰে তেনেহলে পালঘৰ হত্যাকাণ্ডৰ দৰে শিলেৰে মৰিয়াই হত্যা কৰা হ'ব ।

মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়কৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ গোচৰ
মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়কৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ গোচৰ

By

Published : Sep 5, 2020, 6:46 PM IST

নতুন দিল্লী, ৫ চেপ্তেম্বৰঃ বলীউডৰ অভিনেত্ৰী কংগণা ৰাণাৱটৰ বিৰুদ্ধে অপমান জনক মন্তব্য কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ শিৱসেনাৰ নেতা তথা বিধায়ক প্ৰতাপ সাৰনায়কৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ১৯৯০চনৰ ১০(১) ধাৰাৰ অধিনত নিজাববীয়া গোচৰ ৰুজু কৰিছে । শীঘ্ৰেই বিধায়কগৰাকী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

প্ৰতাপ সাৰনায়কে কৰা এটা টুইটত কংগনা ৰাণাৱটক পাকিস্তান অধিকৃত কাশ্মীৰৰ লগত মুম্বাইক তুলনা কৰাৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰাৰ দাবী জনাইছিল । তেওঁ টুইটাৰত অভিনেত্ৰীগৰাকীক ভাবুকি দি কয় যে, কংগনা ৰাণাৱট যদি মুম্বাইত প্ৰৱেশ কৰে তেনেহলে পালঘৰ হত্যাকাণ্ডৰ দৰে শিলেৰে মৰিয়াই হত্যা কৰা হ'ব ।

বিধায়ক গৰাকীৰ টুইট সম্পৰ্কে জানিব বিচৰাত ৰাষ্ট্ৰীয মহিলা আয়োগৰ প্ৰধান ৰেখা শৰ্মাই কয় যে, তেওঁ এই বিষয়ে নিজাববীয়াকৈ দৃষ্টি ৰাখিছে । আৰু ক্ষেত্ৰত আৰক্ষীয়ে নিজাববীয়াকৈ গোছৰ তৰি তেখেতক সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে ।

ইটিভি ভাৰতৰ সৈতে হোৱা কথা বতৰাৰ সময়ত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ গৰাকীয়ে কয় যে, ৰাষ্ট্ৰীয় মহিলা আয়োগে বিষয়টো সম্পৰ্কত নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিধায়কগৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ বাবেমহাৰাষ্ট্ৰ চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । মহিলাক ভাবুকি দিয়াৰ বাবে কোনো অধিকাৰ নাই বিধায়ক গৰাকীৰ । মহাৰাষ্ট্ৰ ভাৰতৰ এটা অংশ আৰু ভাৰতৰ যিকোনো প্ৰান্তৰ লোকে ইয়ালৈ ভ্ৰমণ কৰিবলৈ আহিব পাৰে । তেওঁ নেতা হ'ল বুলিয়েই যে যি মন যায় তাকে কব, এগৰাকী মহিলাক ভাবুকি দিব ৰাজনীতি কৰা লোকে এনেকুৱা কথা নহয় ।

মুম্বাইৰ আৰক্ষী আয়ুক্ত আৰু মহাৰাষ্ট্ৰৰ আৰক্ষী সঞ্চালক প্ৰধানক আমি অনুৰোধ কৰিছো যাতে শিৱসেনাৰ বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰে । ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পৰা প্ৰেৰণ কৰা চিঠিত এগৰাকী দায়িত্বশীল পদবীত থকা জনপ্ৰতিনিধিয়ে এগৰাকী মহিলাক দিয়া ভাবুকি সম্পৰ্কত সবিশেষ বিবৰি লিখিছে ।

দেশেৰ মহিলা সকলৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগ দায়বদ্ধ আৰু তেওঁলোকে পৰামৰ্শ দিয়ে যে, আইনৰ গণ্ডীত মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক সাৰনায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে । আৰু তাৎক্ষণিক ভাৱে মহিলা আয়োগক কথাটো আৱগত কৰে ।

মাৰাঠী ভাষাত কৰা টুইটটোত সাৰনায়কে লিখিছিল যে, সাংসদ সঞ্জয় ৰাৱতে কংগনাক পাতলীয়াভাৱে সতৰ্ক কৰিছিল, যদি তেওঁ ইয়ালৈ আহে তেনেহলে আমাৰ সাহসী মহিলাসকলে তেওঁ চৰ নমৰাকৈ নাথাকিব । আমি কংগনা ৰাণাৱটক মুম্বাইৰ লগত পাক অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰাৰ কথাটো তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰাৰ দাবী জনাইছো, এই মহানগৰখন শিল্পপতি আৰু শিল্পীসকলে নিৰ্মাণ কৰিছে ।

ABOUT THE AUTHOR

...view details