চিটাৰা ডেস্ক, ১১ নৱেম্বৰ:প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলিউডত ড্ৰাগছৰ সৰবৰাহৰ লগতে নিচাজাতীয় সামগ্ৰী গ্ৰহণ কৰা ঘটনাই চাৰিওদিশে তোলপাৰ লগাইছিল। এই সংক্ৰান্ততে কেইবাগৰাকীয়ো অভিনেত্ৰী সন্মুখীন হ'বলগীয়া হৈছিল নাৰকটিক্স কন্ট্রোল ব্যুৰ'ৰ জেৰাৰ। শেহতীয়াকৈ এই সন্দৰ্ভতে অভিনেতা অৰ্জুন ৰাম পালৰ প্ৰেয়সী গেব্ৰিয়েলা ডিমিট্ৰিয়াডেছলৈ চমন জাৰি কৰিছে এনচিবিয়ে। বুধবাৰে দিনৰ ১১ বজাত গেব্ৰিয়েলাক এনচিবিৰ কাৰ্যালয়লৈ মাতি পঠিওৱা হয়। আনহাতে, বৃহস্পতিবাৰে অভিনেতা অৰ্জুন ৰাম পালকো অনুসন্ধানৰ বাবে এন চি বিৰ কাৰ্যালযত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে।
ইতিমধ্যে এনচিবিৰ বিষয়াই ৰামপালৰ বৈদ্যুতিক সৰঞ্জাম সমূহ জব্দ কৰিছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি অভিনেতাগৰাকীৰ পৰা প্ৰায় ১১ বিধ বৈদ্যুতিক সৰঞ্জাম জব্দ কৰা হৈছে।