অসম

assam

ETV Bharat / briefs

কেমেৰাৰ সন্মুখত ভাঙি লণ্ড-ভণ্ড নলবাৰীৰ চিকিৎসালয়

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ভাংনামাৰীত স্থানীয় ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰিলে এখন চিকিৎসালয়, চিকিৎসালত চিকিৎসক আৰু নাৰ্ছ উপস্থিত নথকাত চিকিৎসালয়ৰ বাৰাণ্ডাতে সন্তান প্ৰসৱ কৰিবলগীয়া হয় এগৰাকী প্ৰসূতিয়ে, যাৰ বাবে ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷

By

Published : May 12, 2019, 6:12 PM IST

কেমেৰাৰ সন্মুখত ভাঙি লণ্ড-ভণ্ড কৰিলে নলবাৰীৰ চিকিৎসালয়

নলবাৰী,১২মে' : দেওবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ভাংনামাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বৰক্ষেত্ৰীৰ ভাংনামাৰীৰ এখন চিকিৎসালয় ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে স্থানীয় ৰাইজে ।

কেমেৰাৰ সন্মুখত ভাঙি লণ্ড-ভণ্ড কৰিলে নলবাৰীৰ চিকিৎসালয়


ঘটনা অনুসৰি, বৰক্ষেত্ৰীৰ ভাংনামাৰীৰ এখন চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্ছ উপস্থিত নথকাত চিকিৎসালয়ৰ বাৰাণ্ডাত গৰ্ভধাৰণ কৰিবলগীয়া হয় এগৰাকী প্ৰসূতিয়ে । ৰহিম আলি নামৰ লোকজনে পত্নীৰ গৰ্ভধাৰণৰ বাবে চিকিৎসালয়খনলৈ লৈ আনিছিল । কিন্তু পুৱাৰ পৰা চিকিৎসকৰ বাবে ৰৈ থাকি অৱশেষত চিকিৎসালয়ৰ বাৰাণ্ডাতে এটি সন্তান জন্ম দিব লগীয়া হয় প্ৰসূতি গৰাকীয়ে । এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে চিকিৎসালয়খন । স্থানীয় ৰাইজৰ মত অনুসৰি দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত চিকিৎসক, স্বাস্থ্যকর্মীয়ে অনিয়মীয়া ভাৱে উপস্থিত হৈ আছে । অঞ্চলবাসী ইয়াৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

ABOUT THE AUTHOR

...view details