গোলাঘাট,২৭ এপ্ৰিল : শনিবাৰে অসমীয়া সমাজ জীৱনৰ বিবেক স্বৰূপ ড০ নগেন শইকীয়াক সম্বৰ্ধনা জনায় গোলাঘাট জিলাৰ হাতীয়েখোৱা আৰু দাঁতি-কাষৰীয়া অঞ্চলবাসীয়ে । অসমৰ সাহিত্য জগতৰ মহীৰূহ ৰূপে খ্যাত ড০ শইকীয়াক সহস্ৰজনে চেলেং, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় । এই সম্বৰ্ধনা অনুষ্ঠানত সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বসন্ত কুমাৰ গোস্বামী, প্ৰতিদিন টাইম চেনেলৰ সম্পাদক নিতুমনি শইকীয়া, সাহিত্যিক ইছমাইল হুচেইনকে ধৰি বহু কেইগৰাকী সাহিত্যিক, কবি, লেখক উপস্থিত থাকে ।
ড০ নগেন শইকীয়াক সম্বৰ্ধনা গোলাঘাট জিলাৰ হাতীয়েখোৱাত - ড০ সমুজ্বল ভটাচাৰ্য্য
অসমীয়া সমাজ জীৱনৰ বিবেক স্বৰূপ ড০ নগেন শইকীয়াক সম্বৰ্ধনা জনায় গোলাঘাট জিলাৰ হাতীয়েখোৱাত
ইফালে ড০ নগেন শইকীয়াক স্বৰ্গীয় ড০ ভূপেন হাজৰিকাৰ তথ্য সম্বলিত এখন গ্ৰন্থ প্ৰদান কৰি ড০ সমুজ্বল ভটাচাৰ্য্যই কয় যে এইয়া হাতীয়েখোৱাৰ অনুষ্ঠান নহয়, সমগ্ৰ অসমৰ বাবে এই অনুষ্ঠান। ভটাচাৰ্য্যৰ মত অনুসৰি জীৱিত কালত সকলোৱে ভাল কাম কৰি যাতে জীৱিত অৱস্থাতেই যাতে স্বীকৃতি প্ৰদান কৰে । ড০ সমুজ্জ্বলৰ সভাত কয় আমি জিলিকিম, হাতীয়েখোৱা গাওঁ জিলিকাম আৰু অসমক জিলিকাম। ড০ নগেন শইকীয়া অসমৰ সমাজ জীৱনত বিভিন্ন অৱদান আগবঢ়াই আহিছে, আমি ইয়াক মানি চলিবলৈ চেষ্টা কৰিম ।
লগতে চাবলৈ: অসমীয়া নতুন ছবি "বৰনদী ভটিয়ায়" অহা 3 মে'ত অসমৰ ছবি গৃহত মুক্তি লাভ কৰিব