অসম

assam

By

Published : May 8, 2019, 1:57 PM IST

ETV Bharat / briefs

মৰিগাঁৱৰ টেঙাগুৰিত ব্যাহত বিদ্যুৎ সেৱা

মৰিগাঁৱৰ টেঙাগুৰিত ২৮ এপ্ৰিলৰ পৰা ব্যাহত হৈ আছে বিদ্যুৎ সেৱা, যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীয়ে দুৰ্ভোগ ভুগিব লগীয়া হয়

মৰিগাঁৱৰ টেঙাগুৰিত ব্যাহত বিদ্যুৎ সেৱা

মৰিগাঁও,৮মে' : বিদ্যুত বিভাগৰ ঠিকাদাৰ আৰু প্ৰৱন্ধকৰ চূড়ান্ত অৱহেলাৰ ফল ভূগিব লগা হৈছে মৰিগাঁৱৰ টেঙাগুৰি গাঁওবাসীয়ে । অঞ্চলটোলৈ বিগত ২৮ এপ্ৰিলৰ পৰা ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা । কাৰণ গাঁওখনত বিদ্যুতৰ খুটাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰলৈ সকলো থকাৰ পাছতো টেন্সফৰমাৰ নোহোৱাৰ ফলতেই বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হবলগীয়া হৈছে গাঁওবাসী ।

মৰিগাঁৱৰ টেঙাগুৰিত ব্যাহত বিদ্যুৎ সেৱা

অভিযোগ অনুসৰি, নগাঁৱৰ নিৰ্মল পাল নামৰ বিদ্যুত বিভাগৰ ঠিকাদাৰজনে গাঁওখনৰ বিদ্যুত সেৱা যোগানৰ দায়িত্ব লৈছিল । কিন্তু ঠিকাদাৰজনে সঠিক ভাৱে কাম নকৰাৰ বাবে ২৮ এপ্ৰিলত বিকল হৈ পৰে টেন্সফমাৰটো । অঞ্চলবাসীয়ে বিদ্যুৎ বিভাগক খবৰ দিয়াৰ পাছত স্থানীয় শক্তি বিভাগৰ লোকে টেন্সফমাৰটো লৈ গৈছিল যদিও বৰ্তমানেও অঞ্চলটোত পুনৰ সংস্থাপন কৰা নাই ট্ৰেন্সফৰ্মাৰ ৷ যাৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে অঞ্চলবাসীয়ে । ছাত্ৰ-ছাত্ৰীসকলে লেম,মমৰ পোহৰত অধ্যায়ন কৰিব লগীয়া হৈছে । ঠিকাদাৰ নিৰ্মল পালে এই ক্ষেত্ৰত কোনো গুৰুত্ব বহন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

ABOUT THE AUTHOR

...view details