মৰিগাঁও, ২৩ ছেপ্টেম্বৰ: মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী উমচ্যুৱাইত বুধবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
খৰস্ৰোতা উমিয়াম নৈত ২ শিশুৰ সলিল সমাধি
পাহাৰীয়া খৰস্ৰোতা নৈ উমিয়ামত গা ধুবলৈ গৈ সলিল সমাধি দুই শিশুৰ । মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী উমচ্যুৱাইত সংঘটিত হ’ল শোকাৱহ ঘটনাটো ৷
সৰস্ৰোতা উমিয়াম নৈত গা ধুবলৈ গৈ সলিল সমাধি ২ শিশুৰ
বুধবাৰে দুপৰীয়া পশ্চিম কাৰ্বি আংলং আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কাৰ্বি আংলং আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী উমচ্যুৱাইত দুই শিশুৰ সলিল সমাধি ঘটে ৷ পাহাৰীয়া খৰস্ৰোতা নৈ উমিয়ামত গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু হয় শিশু দুটিৰ ৷ মৃত্যু হোৱা শিশু দুটি ক্ৰমে জেফ্ৰি মাইম্বাহ(৮) আৰু হেবয়াল মাইম্বাহ(৬) বুলি জানিব পৰা গৈছে । ফুলকুমলীয়া দুই শিশুৰ অকাল মৃত্যুত সীমান্তৱৰ্তী অঞ্চলটোত পৰিছে গভীৰ শোকৰ ছাঁ ।
লগতে পঢ়ক: নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মামা