ডিব্ৰুগড়, ১৫ডিচেম্বৰঃডিব্ৰুগড় জিলাৰ জিলা মিনাৰেল ফাউণ্ডেচন ট্ৰাষ্টৰ পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত আলোচনাৰ বাবে মঙলবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷
ডিব্ৰুগড়ত মিনাৰেল ফাউণ্ডেচন ট্ৰাষ্টৰ পুঁজি সন্দৰ্ভত বৈঠক - অংগনবাদী কেন্দ্ৰ উন্নীতকৰণ
প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধীনত জিলা মিনাৰেল ফাউণ্ডেচন ট্ৰাষ্টত জমা পুঁজিৰে খনিজ পদাৰ্থ খনন কাৰ্যৰ ফলত প্ৰভাৱিত এলেকাত উন্নয়ন আৰু কল্যাণমূলক আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয় ৷
এই সভাত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন,অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, আৰক্ষী অধীক্ষক প্ৰতীক থুবে, বন আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধীনত জিলা মিনাৰেল ফাউণ্ডেচন ট্ৰাষ্টত জমা পুঁজিৰে খনিজ পদাৰ্থ খনন কাৰ্যৰ ফলত প্ৰভাৱিত এলেকাত উন্নয়ন আৰু কল্যাণমূলক আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয় ৷ সভাত উপস্থিত থকা বিধায়ক প্ৰশান্ত ফুকনকে ধৰি সকলো সদস্যৰ সন্মতি মৰ্মে ডিব্ৰুগড় নগৰৰ দাঁতি-কাষৰীয়া খনন প্ৰভাৱিত আইথান, বৰশইকীয়া গাঁও আদি এলেকাত জিলা মিনাৰেল ফাউণ্ডেচন ট্ৰাষ্টৰ পুঁজিৰে পথ যোগাযোগ ব্যৱস্থা উন্নীতকৰণ আৰু সৌৰশক্তি চালিত লাইটৰ ব্যৱস্থা কৰা, অংগনবাদী কেন্দ্ৰ উন্নীতকৰণ, অনাময় ব্যৱস্থা গঢ়ি তোলা আদি সম্পৰ্কত কি ধৰণৰ আঁচনি হাতত ল'লে উক্ত এলেকাত ৰাইজ লাভান্বিত হ'ব, সেই সন্দৰ্ভত আলোচনা কৰি অগ্ৰাধিকাৰ ভিত্তিত অতি সোনকালে এখন আঁচনি চূড়ান্ত কৰিবলৈ সিদ্ধান্ত লোৱা হয় ৷
লগতে পঢ়কঃ 22 ডিচেম্বৰৰ পৰা SFI ৰ ৰাজ্যজুৰি ছাত্ৰ যুৱ বিক্ষোভ