অসম

assam

ETV Bharat / briefs

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰকপত্ৰ প্ৰদান - Purabi konwar

অনিয়ন্ত্ৰিতভাৱে দলিলৰ মূল্যবৃদ্ধি কৰাত সমস্যাত পৰিছে নলবাৰীৰ জন সাধাৰণ । জিলাখনৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখত থকা ভেণ্ডৰসকলে অধিক দামত দলিল বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে জিলা উপায়ুক্তক দলিলৰ দাম নিয়ন্ত্রণ কৰিবলৈ অনুৰোধ জনাই এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰকপত্ৰ প্ৰদান
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰকপত্ৰ প্ৰদান

By

Published : Dec 19, 2020, 6:52 PM IST

নলবাৰী,১৯ ডিচেম্বৰ : সমগ্ৰ অসমৰ বিভিন্ন প্রান্তৰ লগতে নলবাৰীতো দলিলৰ এক ক'লা বজাৰ গঢ়ি উঠাৰ অভিযোগ উত্থাপিত হৈছে । একাংশ অসাধু ব্যৱসায়ীয়ে দলিলৰ ৰমৰমীয়া বজাৰ গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ৷ অনিয়ন্ত্ৰিতভাৱে দলিলৰ মূল্যবৃদ্ধি কৰাত সমস্যাত পৰিছে নলবাৰীৰ জন সাধাৰণ । জিলাখনৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখত থকা ভেণ্ডৰসকলে অধিক দামত দলিল বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে জিলা উপায়ুক্তক দলিলৰ দাম নিয়ন্ত্রণ কৰিবলৈ অনুৰোধ জনাই এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

পৰিষদৰ নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা আৰু সাধাৰণ সম্পাদক হেমেন কলিতাই স্বাক্ষৰ কৰা এই স্মাৰকপত্ৰত ভেণ্ডৰসকলে অনিয়ন্ত্ৰিতভাৱে দলিলৰ মূল্যবৃদ্ধি কৰাৰ লগতে অকৃত্রিম নাটনি সৃষ্টি কৰাৰো অভিযোগ তোলা হৈছে । ফলস্বৰূপে নিবনুৱা যুৱক-যুৱতী তথা সৰ্বসাধাৰণে যথেষ্ঠ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ সেয়ে উপায়ুক্তগৰাকীক উচিত মূল্যত দলিল লাভ আৰু "ক’ৰ্ট ফী" নিয়ন্ত্রিত কৰাৰ ব্যৱস্থা গ্রহণেৰে দুষ্ট চক্রক সম্পূর্ণৰূপে উৎখাত কৰিবৰ বাবে দাবী জনাইছে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৷

লগতে পঢ়ক :তাজ ভিভান্তাত হাগ্ৰামাৰে কিহৰ মন্ত্ৰণা হিমন্তবিশ্ব শৰ্মাৰ ?

ABOUT THE AUTHOR

...view details