নতুন দিল্লী, ১০ জুন: দেশৰ ভিতৰতে সৰ্ববৃহৎ বাহন নিৰ্মাণকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান মাৰুটি চুজুকী ইণ্ডিয়া (MSI)ই মঙলবাৰে কয় যে,লক ডাউনৰ ফলত মাৰুটি চুজুকীৰ উৎপাদন ক্ষমতা ৯৭.৫৪ শতাংশলৈ হ্ৰাস পাইছে । বিগত বৰ্ষৰ জুন মাহত ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে মুঠ ১,৫১,১৮৮ ইউনিট উৎপাদন কৰিবলৈ সক্ষম হৈছিল বুলি সংস্থাটোৰ সদস্যই জানিবলৈ দিয়ে ।
২০১৯ চনৰ মে' মাহৰ ১,৪৮,০৯৫ ইউনিটৰ তুলনাত চলিত বৰ্ষৰ মে' মাহত ৩,৬৫২ ইউনিটৰ মাৰুটি চুজুকী যাত্ৰীবাহী বাহন উৎপাদন হয় । মাৰুটি চুজুকীয়ে এই লোকচানৰ বাবে আটাইতকৈ সৰু বাহন Alto, S-Presso আদি বাহনৰ নিৰ্মাণ বন্ধ কৰে। বিগত বৰ্ষৰ মে' মাহত ৮৪,৭০৫ ইউনিটৰ তুলনামৰ্মে চলিত বৰ্ষৰ মে' মাহলৈ WagonR, Celerio, Ignis, Swift, Baleno, OEM Model (Glanza supplied to Toyota) আৰু Dzire বাহনৰ উৎপাদন ক্ষমতা 97.69 শতাংশ হ্ৰাসৰ সৈতে ১,৯৫০ ইউনিট হোৱা বুলি জানিব পৰা গৈছে ।