নিউজ ডেস্ক, ১২ জুনঃ শুকুৰবাৰে পইণ্ট হ্ৰাসেৰে আৰম্ভনি বোম্বে ষ্ট'ক এক্সেঞ্জ আৰু নেশনেল ষ্ট'ক এক্সেঞ্জৰ সূচকাংক । দিনটোৰ আৰম্ভনিত ছেনচেক্স 1,190.27 পইণ্ট আৰু নিফটী 274 পইণ্ট হ্ৰাস হয় ।
ছেনচেক্স ১২০০ পইণ্ট হ্ৰাসেৰে মুকলি ভাৰতীয় শ্বেয়াৰ বজাৰ - নিফটী
শুকুৰবাৰে জিএছটি কাউঞ্চিলৰ বৈঠকৰ পূৰ্বে ভাৰতীয় শ্বেয়াৰ বজাৰত দেখা গৈছে ব্যাপক খহনীয়া।
সম্প্ৰতি ছেনচেক্স 1,190.27 পইণ্ট হ্ৰাসেৰে 32,348.10 পইণ্ট হয় আৰু নিফটী 274 পইণ্ট হ্ৰাসেৰে 9,628 পইণ্টত ট্ৰেডত আছে । জিএছটি কাউঞ্চিলৰ বৈঠকৰ পূৰ্বে ভাৰতীয় শ্বেয়াৰ বজাৰত দেখা গৈছে এই খহনীয়া ।
উল্লেখ্য যে, কোভিড-১৯ ৰ প্ৰভাৱত বিগত মাৰ্চ মাহৰ পৰাই নিম্নগামী হৈ আছে ভাৰতীয় শ্বেয়াৰ বজাৰ । শেহতীয়াকৈ লকডাউন শিথিল হোৱাৰ পাছৰে পৰাই ভাৰতীয় বজাৰলৈ ক্ৰমে সুস্থিৰতা আহিছে যদিও পূৰ্বৰ দৰে বিনিয়োগকাৰী আশ্বস্ত হ'ব পৰা নাই । জিএছটি কাউঞ্চিলৰ বৈঠকৰ পাছত ভাৰতীয় বজাৰলৈ সু-খবৰ আহিব বুলি আশা প্ৰকাশ কৰিছে অৰ্থনীতিবিদসকলে ।