মাৰ্ঘেৰিতা,৮মে' : মঙলবাৰে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলায় আতক কৰে চুৰীকাণ্ডৰ লগত জড়িত ৩জনকৈ যুৱকক । যুৱককেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ইস্ত্ৰি, কেমেৰা, মবাইল ফোন, ঘড়ী,তিনিখনএটিএম কাৰ্ডৰ লগতে চাৰিটা সোণৰ আঙুঠি, দুযোৰ সোণৰ খাৰু,দুডাল সোণৰ চেইন সহ নগদ ধন ৪৪০০ টকা । আৰক্ষীয়ে আতক কৰা ৰাজীৱ ৰেগন,ললিত দাস,কুশল চেতিয়া নামৰ চোৰকেইজনৰ ঘৰ জাগুনত ।
মাৰ্ঘেৰিটাৰ জাগুনত নগদ ধনসহ আটক তিনি গভাইত চোৰ - নীল আকাশ
তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলায় মাৰ্ঘেৰিটাৰ জাগুনৰ পৰা আটক কৰে তিনিটা চোৰৰ লগতে নগদ ধন আৰু বহু সোণৰ আ-অলংকাৰ, চোৰকেইজনে একে নিশাই সংঘটিত কৰিছিল দুটাকৈ চুৰিকাণ্ড

জাগুনত নগদ ধনসহ আতক তিনিজন চোৰ
জাগুনত নগদ ধনসহ আতক তিনিজন চোৰ
ঘটনা অনুসৰি, দেওবাৰে জাগুনত অনুষ্ঠিত হৈছিল নীল আকাশৰ ৰঙালী বিহুৰ এক অনুষ্ঠান । গৃহস্থই বিহুৰ অনুষ্ঠান উপভোগ কৰাৰ সুযোগ লৈ চোৰকেইজনে দুটাকৈ চুৰিকাণ্ড সংঘটিত কৰে । মহম্মদ আজমিৰ নামৰ যুৱক এজনৰ ম'বাইল দোকানৰ পৰা প্ৰায় এক লাখ টকাৰ ম'বাইল ফোন সহ কেইবা হাজাৰ নগদ ধন লুটি লৈ যায় চোৰকেইজনে । ইফালে, সেই একে নিশাই জাগুনৰ নিবাসী গীতাঞ্জলী চেতিয়াৰ বাসগৃহৰ পৰাও চোৰকেইজনে এটা লোহাৰ আলমাৰি ভাঙি চাৰিতোলা সোণৰ আ-অলংকাৰ সহ নগদ এক লাখ টকা লৈ যায় । ইতিমধ্যেই ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।