অসম

assam

ETV Bharat / briefs

লিডুৰ টিৰাপ কলিয়ৰীত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল বাহন - পথচাৰী

লিডুৰ টিৰাপ কলিয়ৰীত বহুকেইখন যান-বাহন বাগৰি পৰাত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা, পথটো পুন:নিৰ্মাণৰ বাবে দাবী মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ

ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল বহুকেইখন যান-বাহন

By

Published : May 9, 2019, 8:59 PM IST

মাৰ্ঘেৰিটা,৯মে': বৃহস্পতিবাৰে ব্যাহত হৈ পৰে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰৱস্থাৰ বাবে ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাৱৈৰ পৰা লিডুৰ টিৰাপ কলিয়ৰীত বাগৰি পৰে বহুকেইখন বাহন। যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাত ৰাষ্ট্ৰীয় ঘাইপথত ঘন্টাৰ পাছত ঘন্টা ধৰি আৱদ্ধ হৈ পৰে শ-শ যান বাহন। স্থানীয় ৰাইজৰ মতে বিগত ৩ বছৰ ধৰি ঘাইপথটোত দ-দ গাঁতৰ সৃষ্টি হয় আৰু এই সন্দৰ্ভত চৰকাৰক বহুবাৰ আবেদন জনোৱা হৈছিল যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ দিয়ে।

ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল বহুকেইখন যান-বাহন

উল্লেখযোগ্য যে এই পথছোৱা পুনঃ নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে মুখ্যমন্ত্ৰীক দুবাৰকৈ স্মাৰক পত্ৰও দিছিল সংগঠনটোৱে। কিন্তু চৰকাৰে পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰে অঞ্চলবাসীৰ লগতে পথচাৰী। সংস্থাটোৱে ১৩মে'ৰ পূৰ্বে চৰকাৰক এই পথটো পুন: নিৰ্মাণৰ বাবে স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংস্থাটোৱে।

ABOUT THE AUTHOR

...view details