ৱাছিংটন,৮ জুন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিয়াপোলিছত জৰ্জ ফ্ল'য়ড নামৰ কৃষ্ণাংগ লোকজনৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাষ্ট্ৰখনত অব্যাহত আছে জনতাৰ প্ৰতিবাদে । দেওবাৰে নিশা আমেৰিকাৰ ছিয়াটলত এজন প্ৰতিবাদকাৰীৰ মাজেৰে গাড়ী চলাই নিয়ে । লোকজনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই কাষতে থকা বেৰিকেড খুন্দা মাৰে । প্ৰতিবাদকাৰীসকলে লোকজনক আটক কৰিব বিচাৰে যদিও তেওঁ হাতত থকা পিষ্টলেৰে প্ৰতিবাদী জনতালৈ গুলি চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
অচিনাক্ত লোকজনৰ গুলিত এজন ২৭ বছৰীয়া যুৱক আহত হয় । আহত যুৱকজনক লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। যুৱকজনৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।