কোকৰাঝাৰ, ১৩ জুন: আজি গোসাইগাঁৱত উৎকট গৰমত এজন লোকে মৃত্যুক সাবটি লয়। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই পদ্মবিল গাঁৱৰ বাসিন্দা ছায়েদ আলী নামৰ লোকজনে এনেদৰে মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সেয়ে গোসাঁইগাঁও বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অঞ্চলটোৰ লোকসকলে। বিগত বহু দিন ধৰি বিদ্যুতৰ পৰা বঞ্চিত হৈ আহিছে গোসাইগাঁওবাসী। ৰাইজৰ অভিযোগ অনুসৰি বিদ্যুৎ বিভাগৰ চৰম গাফিলতি আৰু অৱহেলাৰ ফলস্বৰূপেই উৎকট গৰমত জীয়াতু ভুগি আহিছে অঞ্চলবাসী ৰাইজে।
গৰমত গোসাইগাঁৱত এজনৰ মৃত্যুঃশক্তি বিভাগৰ কাৰ্যালত প্ৰতিবাদ - উৎকট গৰমত এজন লোকৰ মৃত্যু
আজি গোসাইগাঁৱত উৎকট গৰমত এজন লোকে মৃত্যুক সাবটি লয়। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই পদ্মবিল গাঁৱৰ বাসিন্দা ছায়েদ আলী নামৰ লোকজনে এনেদৰে মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
![গৰমত গোসাইগাঁৱত এজনৰ মৃত্যুঃশক্তি বিভাগৰ কাৰ্যালত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3550524-thumbnail-3x2-electricity.jpg)
উৎকট গৰমত গোসাইগাঁৱত এজনৰ মৃত্যু : প্ৰতিবাদত উত্তাল বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়
উৎকট গৰমত গোসাইগাঁৱত এজনৰ মৃত্যু : প্ৰতিবাদত উত্তাল বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়
উল্লেখ্য যে সময়তে বিল পৰিষোধ কৰি আহিছে যদিও দিনটোৰ ২৪ ঘণ্টাৰ প্ৰায় ২১ ঘণ্টাই বিদ্যুৎ অবিহনে কটাবলগীয়া হোৱাত বিদ্যুৎ বিভাগৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ লোকসকলে।