কলকাতা, ১২ জুন : মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে কোভিড-১৯ মহামাৰী আৰু ঘূৰ্ণীবতাহ আম্ফানৰ লগত একেলগে মোকাবিলা কৰাৰ বাবে পশ্চিমবংগৰ অদম্য চেতনাক প্রশংসা কৰে । পশ্চিমবংগৰ মুখ্যমন্ত্রীগৰাকীয়ে টুইটাৰত কয় যে,"এফালে প্ৰাকৃতিক দুৰ্যোগ আনফালে বিশ্বব্যাপী মহামাৰী । আমিহে জানো কি দৰে দুটা সমস্যাৰ সন্মুখীন হৈছো। ই বাংলা জনগণৰ সংস্কৃতি তথা অদম্য চেতনাৰ কথা উল্লেখ কৰে । ইয়াৰ দ্বাৰা পশ্চিমবংগ অধিক শক্তিশালী আৰু এক্যবদ্ধ হ'ব" ।
মমতা বেনাৰ্জীয়ে দুৰ্যোগৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া আৰক্ষী,চিকিৎসা কৰ্মী তথা নাগৰিক সমাজ সংগঠনক ধন্যবাদ জনায় । তেওঁ সকলোকে সতর্ক থকাৰ লগতে সামাজিক দুৰত্বৰ নিয়মাৱলী মানি চলিবলৈ আহ্বান জনায় ।