মাজুলী, ৩০ ছেপ্টেম্বৰ: মাজুলী যুৱ কংগ্ৰেছ আৰু মাজুলী জিলা এনএছইউআইৰ উদ্যোগত বুধবাৰে গড়মূৰ তিনিআলিত কৃষক বিৰোধী আইনখনক বাতিলৰ দাবীত প্ৰতিকৃতি দাহ কৰাৰ লগতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাত হোৱা দুৰ্নীতিৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ক’ভিড প্ৰটকল মানি আয়োজন কৰা কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মাজুলী জিলা কংগ্ৰেছৰ তত্বাৱধায়ক দাদু টায়ে উপস্থিত থাকি কৃষক সকলক কৰা অন্যায় বিৰুদ্ধে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি অসম চৰকাৰৰ গৃহ বিভাগৰ অন্তৰ্গত এছ আই পৰীক্ষাৰ দুৰ্নীতিৰ বিৰুদ্ধে সমালোচনা কৰি কয় যে, অসমৰ ইতিহাসত সকলোতকৈ বৃহৎ দুৰ্নীতি এই এছ আই পৰীক্ষাৰ দুৰ্নীতি । পৰীক্ষাৰ আগদিনা বন্ধ কোঠাত পৰীক্ষাৰ অনুশীলনৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ দুৰ্নীতিত বিজেপি নেতা সাঙোৰ খোৱা ঘটনাই প্ৰমাণ কৰে যে বিজেপি দলে কেনেদৰে চৰকাৰৰ কাম কাজসমূহ নিয়ন্ত্ৰণ কৰে ।
তাৰোপৰি মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ তত্বাৱধায়ক বিমল বৰাৰ নাম দুৰ্নীতিৰ অভিযোগত উত্থাপিত হোৱা ঘটনাই প্ৰমাণ কৰে যে এই তদন্তই কিমান নিৰপেক্ষতা অৱলম্বন কৰিব। সেয়ে কংগ্ৰেছ দলে চিবিআইৰ দ্বাৰা এই তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে । কাৰ্যসূচীত উপস্থিত থাকি যুৱ ব্ৰিগেডৰ সভাপতি দীনমণি দত্তই বিমল বৰাক তদন্তৰ আওতালৈ আনিলেই মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীলতাৰ প্ৰকৃত স্বৰূপ ওলাই পৰিব বুলি মতপোষণ কৰে ।