নগাঁও, ৮মে' : নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ প্ৰশংসনীয় পদক্ষেপ । জনসাধৰণ সুবিধাৰ বাবে আইন সেৱা প্ৰাধিকাৰীয়ে হাতত লৈছে কেবাটাও প্ৰকল্প । প্ৰাধিকাৰীৰ সম্পাদিকা তথা ন্যায়িক বিষয়া প্ৰণিতা মৰণে জনোৱা অনুসৰি 'স্নেহবন্ধন','অনুভূতি','পোহৰ' আদি প্ৰকল্পৰ জৰিয়তে মানসিকভাৱে অসুস্থ ব্যক্তিৰ পৰা আৰম্ভ কৰি বাটে-পথে অনাই-বনাই ঘূৰি ফুৰা লোকসকলৰ লগতে অসহায় বৃদ্ধসকলক উদ্ধাৰ কৰি চিকিৎসাৰ আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে ।
মানৱতাৰ হকে নগাঁৱত আইন সেৱা প্ৰাধিকাৰীৰ বিশেষ পদক্ষেপ - পোহৰ
প্ৰাধিকাৰীৰ সম্পাদিকা তথা ন্যায়িক বিষয়া প্ৰণিতা মৰণে জনোৱা অনুসৰি 'স্নেহবন্দন','অনুভূতি','পোহৰ' আদি প্ৰকল্পৰ জৰিয়তে মানসিকভাৱে অসুস্থি ব্যক্তিৰ পৰা আৰম্ভ কৰি বাটে-পথে অনাই-বনাই ঘূৰি ফুৰা লোকসকলৰ লগতে অসহায় বৃদ্ধসকলক উদ্ধাৰ কৰি চিকিৎসাৰ আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে ।
![মানৱতাৰ হকে নগাঁৱত আইন সেৱা প্ৰাধিকাৰীৰ বিশেষ পদক্ষেপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3219618-159-3219618-1557284190263.jpg)
নগাওঁ আইন সেৱা প্ৰাধিকাৰীৰ উল্লখনীয় পদক্ষেপ
নগাঁৱত আইন সেৱা প্ৰাধিকাৰীৰ বিশেষ পদক্ষেপ
আনহাতে, এচিড আক্ৰান্ত যুৱতীসকলৰ বাবেও গ্ৰহণ কৰিছে চাৰিটাকৈ উল্লেখনীয় পদক্ষেপ । অৰ্থৰ অভাৱত অথবা পিতৃ-মাতৃ নথকা যিসকল শিশুৱে ভিক্ষা বৃত্তিৰে জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকক বাট দেখুওৱাৰ বাবেও ৰঙীন সপোন প্ৰকল্প নামেৰে এক পদক্ষেপ গ্ৰহণ কৰা বুলি জনাব পৰা গৈছে ৷