অসম

assam

By

Published : Nov 11, 2020, 7:20 PM IST

ETV Bharat / briefs

মৰাণৰ ধেমেচীত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব লাচিত দিৱস

এইবেলি অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মৰাণৰ ধেমেচীত কেন্দ্ৰীয়ভাৱে লাচিত দিৱস অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ।

Lachit Divas will celebrate at Moran Dhemechi
মৰাণৰ ধেমেচীত কেন্দ্ৰীয় ভাৱে উদযাপিত হ'ব লাচিত দিৱস

মৰাণ, ১১ নৱেম্বৰ: দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰ দিনটো অনুষ্ঠিত কৰা হয় লাচিত দিৱস । এইবেলি অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মৰাণৰ ধেমেচীত কেন্দ্ৰীয়ভাৱে লাচিত দিৱস অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । বুধবাৰে ধেমেচীত উপস্থিত হৈ লাচিত দিৱসৰ প্ৰস্তুতিৰ বুজ লয় মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।

মৰাণৰ ধেমেচীত কেন্দ্ৰীয় ভাৱে উদযাপিত হ'ব লাচিত দিৱস

লাচিত দিৱস অনুষ্ঠিত হ'ব লগীয়া ধেমেচি হাইস্কুলৰ খেলপথাৰ পৰিদৰ্শন কৰি দুয়োগৰাকীয়ে লাচিত দিৱস উদযাপন সন্দৰ্ভত অঞ্চলটোৰ নেতৃস্থানীয় ৰাইজৰ সৈতেও এক আলোচনাত মিলিত হয় ৷ পৰিদৰ্শনকালত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, মৰাণৰ ৰাজহ চক্ৰ বিষয়া লুকুমনি বৰা ৷ উল্লেখ্য যে, লাচিত দিৱস কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মৰাণৰ ধেমেচীত কেন্দ্ৰীয় ভাৱে উদযাপিত হ'ব লাচিত দিৱস

লগতে পঢ়ক :আৰক্ষীৰ অভিযানত জব্দ অবৈধ মটৰভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details