অসম

assam

ETV Bharat / briefs

গোলাঘাটৰ খুমটাইত তিনিগৰাকী মহিলাৰ অভিনৱ পদক্ষেপ

গোলাঘাট জিলাৰ খুমটাইৰ তিনিগৰাকী মহিলাই বেলি ফুলৰ খেতিৰে বাছি ললে স্বাৱলম্বিতাৰ নতুন পথ ৷

By

Published : May 3, 2019, 5:49 PM IST

তিনিগৰাকী মহিলাৰ অভিনৱ পদক্ষেপ

গোলাঘাট,৩মে' : গোলাঘাট জিলাৰ খুমটাইৰ তিনিগৰাকী বিশেষ মহিলা । মহিলাকেইগৰাকীয়ে কৃষি কৰ্মৰে স্বাৱলম্বিতা হোৱাৰ দেখুৱালে নতুন পথ । প্ৰায় ৫ বিঘা মাটিত গোলাঘাট কৃষি বিভাগৰ সহযোগত ৰাংঢালি পথাৰ পৰিচালনা সমিতিৰ মহিলা তিনিগৰাকীয়ে আৰম্ভ কৰিছে বেলি ফুলৰ খেতি । বেলি ফুলৰ লগতে মহিলাকেইগৰাকীয়ে হালধি, বেঙেনা, কাঠফুলা আদি খেতি কৰি নিজৰ লৰা-ছোৱালীক শিক্ষা প্ৰদান কৰাৰ লগতে জীৱিকাৰ নতুন পথ বাছি লবলৈ সক্ষম হৈছে । মহিলাকেইগৰাকীৰ এনে পদক্ষেপে আন মহিলাসকলকো স্বাৱলম্বিতাৰ নতুন পথ দেখুৱাবলৈ সক্ষম হৈছে ।

তিনিগৰাকী মহিলাৰ অভিনৱ পদক্ষেপ

ABOUT THE AUTHOR

...view details