কেৰালা, ৮ জুন :কেৰালা পুলিছে বাসিল ইলদোসক গ্ৰেপ্তাৰৰ বাবে আৰম্ভ কৰিছে তদন্ত । বাসিল ইলদোসে দেওবাৰে নিশা ভনীয়েকৰ ঘনিষ্ঠ বন্ধু আখিলক মুভাত্তুপুঝায়ত তৰোৱালেৰে আক্ৰমণ কৰে । এই আক্ৰমণত গুৰুতৰভাৱে আহত আখিল বৰ্তমানে কেৰালাৰ কোট্টায়েম মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে ।
ভগ্নী বন্ধুৰ হত্যাকাৰীক বিচাৰি কেৰালা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত - ভগ্নী বন্ধুৰ হত্যাকাৰীক বিচাৰি কেৰালা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
আখিল আৰু বাসিল ইলদোসৰ ভনীয়েকৰ মাজত আছিল ঘনিষ্ঠ সৰ্ম্পক । কোন এই আখিল আৰু বাসিল ইলদোস ?
Kerala Police launch manhunt for man who slashed sister's friend
দেওবাৰে নিশা আখিলে বন্ধু এজনৰ লগত মেডিকেল ষ্ট'ৰত মাস্ক ক্ৰয় কৰিবলৈ আহোতে বাইকত অহা দুজন লোকে তৰোৱালেৰে আক্ৰমণ কৰে । এই ঘটনাত আখিল গুৰুতৰভাৱে আহত হয় আৰু আখিলৰ বন্ধুজনৰ কথমপি প্ৰাণৰক্ষা পৰে ।
আখিল ইঞ্জিনীয়াৰিঙৰ শিক্ষার্থী । আখিল আৰু বাসিল ইলদোসৰ ভনীয়েকৰ মাজত ঘনিষ্ঠ সৰ্ম্পক আছে । ইলদোসৰ খ্ৰীষ্টান আৰু আখিল অনুসূচিত জাতিৰ । বৰ্তমান আৰক্ষী উপ অধীক্ষক মহম্মদ ৰিয়াজে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত ।