অসম

assam

ETV Bharat / briefs

বীজ আবণ্টনক লৈ ৰাজনীতি

কৃষি বিভাগে আৱন্টন দিয়া চৰকাৰী বীজক লৈ ৰাজনীতি কৰাৰ অভিযোগত কৰিমগঞ্জৰ নিলামবজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

By

Published : Apr 27, 2019, 5:20 PM IST

বীজ আবণ্টনক লৈ ৰাজনীতি

কৰিমগঞ্জ ,২৭ এপ্ৰিল : কৃষি বিভাগে আৱন্টন দিয়া চৰকাৰী বীজক লৈ ৰাজনীতি কৰিমগঞ্জত । হিতাধিকাৰীক বঞ্চিত কৰি দলীয় কৰ্মীৰ মাজত মুগু আৰু মাটিমাহৰ দালি আৱন্টন দিয়াৰ অভিযোগ উত্থাপিত হৈছে দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে । শনিবাৰে এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিলামবজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত । ন্যায্য হিতাধিকাৰী সন্মুখতে বিধায়ক আজিজ আহমেদ খানৰ মানুহে দালিৰ বীজ লৈ যোৱাৰো অভিযোগ উত্থাপন হৈছে ।

বীজ আবণ্টনক লৈ ৰাজনীতি

আনহাতে বৃহস্পতিবাৰে নিশা নিলামবজাৰ ৰাইজে বিধায়ক আজিজ আহমেদ খানৰ ঘৰলৈ যোৱাৰ পথত আটক কৰিছিল দুখনকৈ বীজ কঢ়িওৱা বাহন । এই বাহন দুখন আৰক্ষী থানাত চমজাই দি কৃষি বিভাগৰ একাংশ বিষয়াৰ ওপৰত ৰুজু কৰা হৈছিল গোচৰ । কিন্তু ৰহস্যজনক ভাৱে জব্দকৃত বীজখিনি চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত অনা হৈছে বুলি স্থানীয় ৰাইজে খবৰ পোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী । ক্ষোভিত ৰাইজে কাৰ্যালয়ত উপস্থিত লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ইফালে এই ঘটনাত নিলামবজাৰ আৰক্ষীয়ে বিধায়কজনক সহায় কৰি আহিছে বুলিও অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে ।

লগতে চাবলৈ: কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক

ABOUT THE AUTHOR

...view details