অসম

assam

ETV Bharat / briefs

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Karbi Student Union news

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ডংকামোকামত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
Karbi Student Union protest against Himanta Biswa Sarma

By

Published : Nov 9, 2020, 9:03 PM IST

কাৰ্বি আংলং, ৯ নৱেম্বৰ: স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ডংকামোকামত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ষষ্ঠ অনুসূচীৰ অধীনত কাৰ্বি ভূমিত সকলো লোকে ভূমি লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে তেখেতৰ পুত্তলিকা দাহ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

উল্লেখ্য যে, বিগত ৬ নৱেম্বৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কাৰ্বি ভূমিত যিকোনো লোকে ভূমি লাভ কৰিব পাৰিব বুলি মন্তব্য কৰিছিল। তেখেতৰ এই ঘোষণাক গৰিহণা প্ৰদান কৰি ভৱিষ্যতে এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ তেখেতক সকিয়নী প্ৰদান কৰে। অন্যথা প্ৰয়োজন সাপেক্ষে বিষয়টোক লৈ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে কাৰ্বি ছাত্ৰ সন্থাই।

লগতে পঢ়ক :কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তামুলপুৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details