অসম

assam

ETV Bharat / briefs

কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন - কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱ

মঙলবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় । ইয়াৰোপৰি জিলাখনত পৰ্টেল মেডিয়াত কৰ্মৰত সাংবাদিক সকলক অতি শীঘ্ৰে নিজৰ নাম আৰু সম্পূর্ণ ঠিকনা জিলা প্ৰেছ ক্লাৱত পঞ্জীয়ন ভূক্ত কৰাই ল'বলৈ আহ্বান জনোৱা হয় ৷

Karbi Anglong district press Club meet
আংলং জিলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

By

Published : Nov 10, 2020, 7:57 PM IST

ডিফু, ১০ নৱেম্বৰ: মঙলবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱ চমুকৈ ডিপিচিকেৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। সভাপতি কিৰি ৰংহাঙৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে কৰে সাধাৰণ সম্পাদক ডেনিয়েলচন বে'ই ৷ সভাত বিশেষকৈ সমাগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি পালন কৰা সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰা হয় ৷

আংলং জিলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

উল্লেখ্য যে, এইবেলি ক'ভিড ১৯ প্ৰট'কলৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি তাৰালাংচৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অনুষ্টুপীয়াকৈ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই উপলক্ষে ডিপিচিকেই সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে বিত্ত উপ-সমিতি, খাদ্য উপ-সমিতি আৰু সাজ- সজ্জা উপ-সমিতি গঠন কৰি দিয়াৰ লগতে প্ৰয়োজনীয় বাজেট প্ৰস্তাৱো গ্ৰহণ কৰা হয় ৷

ইয়াৰোপৰি জিলাখনত পৰ্টেল মেডিয়াত কৰ্মৰত সাংবাদিক সকলক অতি শীঘ্ৰে নিজৰ নাম আৰু সম্পূর্ণ ঠিকনা জিলা প্ৰেছ ক্লাৱত পঞ্জীয়ন ভূক্ত কৰাই ল'বলৈ আহ্বান জনোৱা হয় ৷ জিলা প্ৰেছ ক্লাৱত পঞ্জীয়নবিহীন সাংবাদিকৰ কোনো দায়িত্ব গ্ৰহণ কৰা নহয় বুলি আজিৰ সভাই স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়কঃ ডিফুৰ ৰাংছিনা ভৱনত বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং

ABOUT THE AUTHOR

...view details